আলী লাৰিজানী কোন? যাৰ বাবে আমেৰিকাই ইচ্ছা কৰিলেও ইৰাণক আক্ৰমণ কৰিব নোৱাৰিলে…

আপাততঃ ইৰাণক আক্ৰমণ নকৰে আমেৰিকাই। ছৌদি আৰব, কাটাৰ আৰু ওমানৰ পৰামৰ্শ অনুসৰি আমেৰিকাই ইৰাণৰ সৈতে আলোচনা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ মানি লৈছে। ইয়াক আয়াতুল্লাহ আলী খামেনেই চৰকাৰৰ বাবে এক বৃহৎ সকাহ বুলি বিবেচিত হৈছে। এই সমগ্ৰ পৰিস্থিতিত তেহৰাণৰ এটা নামৰ বিষয়ে বহু চৰ্চিত হৈছে। সেই নাম আলী লাৰিজানী, যাক শুকুৰবাৰে আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছিল।

লাৰিজানী ইৰাণৰ উচ্চতম পৰিষদৰ মুৰব্বী। কোৱা হয় যে, উচ্চতম পৰিষদৰ মুৰব্বী হোৱাৰ পিছত লাৰিজানীয়ে ইৰাণক ইমানেই শক্তিশালী কৰি তুলিছিল যে, আমেৰিকাই ইচ্ছা কৰিলেও তেহৰাণক আক্ৰমণ কৰিব নোৱাৰিলে।

আলী লাৰিজানী কোন?

২০২৫ চনৰ আগষ্ট মাহত আলী লাৰিজানীক ইৰাণৰ উচ্চতম নিৰাপত্তা পৰিষদৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। লাৰিজানীক ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ কঠোৰ বিৰোধী বুলি গণ্য কৰা হয়। ১৯৫৮ চনৰ ৩ জুনত জন্মগ্ৰহণ কৰা লাৰিজানীয়ে প্ৰভাৱশালী ছিয়া মুছলমান পৰিয়ালৰ পৰা আহিছে। লাৰিজানীয়ে ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে।

লাৰিজানীয়ে প্ৰথমবাৰৰ বাবে ২০০৪ চনত সৰ্বোচ্চ নেতা খামেনেইৰ দলত যোগদান কৰে। সেই সময়ত খামেনেইয়ে তেওঁক উপদেষ্টা হিচাপে নিযুক্তি দিয়ে। লাৰিজানী ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ প্ৰাক্তন সদস্যও।

লাৰিজানীয়ে ইছলামিক গাৰ্ডৰ কমাণ্ডাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৯৪ চনত লাৰিজানীক ইছলামিক ৰিপাব্লিক অৱ ইৰাণ ব্ৰডকাষ্টিঙৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। ২০০৫ চনত লাৰিজানীয়েও ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সফল নহ’ল।

লাৰিজানীক কঠোৰ শিবিৰৰ নেতা হিচাপে গণ্য কৰা হয়। ২০২৪ চনৰ নিৰ্বাচনৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। কিন্তু খামেনেইৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাবে ইৰাণত তেওঁৰ প্ৰভাৱ অক্ষুণ্ণ হৈ থাকিল।

ইৰাণৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী হোৱাৰ লগে লগে লাৰিজানীয়ে সমস্যাবোৰ সমাধানৰ কাম আৰম্ভ কৰিলে। লাৰিজানীয়ে প্ৰথমে ইৰাণৰ প্ৰধান শত্ৰু ছৌদি আৰৱৰ সৈতে যোগাযোগ কৰিছিল। লাৰিজানীয়ে বিগত ছমাহত কমেও তিনিবাৰকৈ ছৌদি আৰৱৰ শীৰ্ষ নেতৃত্বৰ সৈতে সাক্ষাৎ কৰে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ ছৌদি ক্ৰাউন প্ৰিন্সৰ সৈতেও সাক্ষাৎ কৰে।

লাৰিজানীয়ে ইৰাক, লেবানন, পাকিস্তানকে ধৰি ইৰাণৰ চুবুৰীয়া সকলো দেশ ভ্ৰমণ কৰে। শেহতীয়া উত্তেজনাৰ সময়ত লাৰিজানীৰ সকলো ভ্ৰমণেই ইৰাণৰ বাবে উপকাৰী বুলি প্ৰমাণিত হয়। ৱাশ্বিংটন পোষ্টৰ তথ্য অনুসৰি, আৰব দেশসমূহে ইৰাণক আক্ৰমণ নকৰিবলৈ আমেৰিকাক বুজাইছিল।

ছৌদি আৰৱৰ নেতৃত্বত কাটাৰ আৰু ওমানৰ নেতাই আমেৰিকাক পতিয়ন নিয়াইছিল যে- ইৰাণক আক্ৰমণ কৰিলে আমাৰ সকলোৰে ক্ষতি হ’ব। তিনিওখন দেশেই ইৰাণৰ সৈতে আলোচনাৰ সূচনা কৰে, তাৰ পিছত আমেৰিকাই এই আক্ৰমণৰ স্থিতি সলনি কৰে।

ইৰাণৰ প্ৰতিবাদ যেতিয়া বিদ্ৰোহলৈ বৃদ্ধি পালে, তেতিয়া নিজেই লাৰিজানী সক্ৰিয় হৈ পৰে। প্ৰথমে তেওঁ ইৰাণৰ সেনাবাহিনীত তিনিটা ডাঙৰ পৰিৱৰ্তন কাৰ্যকৰী কৰিলে: আহমদ ৱাহিদীক উপ-সেনাধ্যক্ষ নিযুক্তি দিয়া হ’ল। বছৰ বছৰ আগতে আমেৰিকাই ৱাহিদীক নিষিদ্ধ কৰিছিল। ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ আক্ৰামীনিয়াকো সেনাৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হয়।

অশান্তিৰ সময়ত চৰকাৰৰ হৈ নিজেই টেলিভিছনত উপস্থিত হৈছিল লাৰিজানী। লাৰিজানীয়ে প্ৰথমে সমগ্ৰ বিদ্ৰোহটোক আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংযোগ কৰিছিল। লাৰিজানীয়ে দাবী কৰে যে, আমেৰিকাই ইৰাণত ইছলামিক ষ্টেটৰ দৰে আক্ৰমণৰ পৰিকল্পনা কৰিছিল, যিটো দাবী ইৰাণৰ সংবাদ মাধ্যমে ব্যাপকভাৱে প্ৰচাৰ কৰে।

আমেৰিকাই এতিয়া নিষেধাজ্ঞা আৰোপ কৰিছে লাৰিজানীক। ইৰাণৰ বিৰুদ্ধে আক্ৰমণ স্থগিত ৰাখিবলৈ ট্ৰাম্পে সিদ্ধান্ত লোৱাৰ লগে লগে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এনবিচিৰ মতে, হোৱাইট হাউছৰ নিৰাপত্তা পৰিষদৰ বৈঠকত কোনো বিষয়াই নিশ্চয়তা দিব নোৱাৰিলে যে- আক্ৰমণৰ লগে লগে ইৰাণত অভ্যুত্থান ঘটিব।

বৈঠকত সেনাই ৰাষ্ট্ৰপতিগৰাকীক কয় যে- যদি ইৰাণৰ ওপৰত নিৰ্ণায়ক আক্ৰমণ আৰম্ভ নহয় তেন্তে তেওঁলোকে যুদ্ধত প্ৰৱেশ কৰিবলগীয়া হ’ব পাৰে। বৰ্তমান ইৰাণৰ বিৰুদ্ধে যুঁজিবলৈ অনিচ্ছুক আমেৰিকান সৈন্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...

২০ জানুৱাৰীত বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি; নিৰ্বাচনৰ সূচী প্ৰকাশ

শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ সূচী প্ৰকাশ...