২০ জানুৱাৰীত বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি; নিৰ্বাচনৰ সূচী প্ৰকাশ

শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ সূচী প্ৰকাশ কৰা হৈছে। এই সূচী অনুসৰি ১৯ জানুৱাৰীত এই পদৰ বাবে মনোনয়ন দাখিল কৰা হ’ব, আৰু পিছদিনা ২০ জানুৱাৰীত নতুন সভাপতিৰ নাম ঘোষণা কৰা হ’ব। দলীয় সূত্ৰ অনুসৰি, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে কাৰণ নিৰ্বাচনত আন কোনো নেতাই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা ক্ষীণ।

বিজেপিৰ ৰাষ্ট্ৰীয় ৰিটাৰ্নিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা সাংগঠনিক নিৰ্বাচনৰ সূচী অনুসৰি ১৯ জানুৱাৰীৰ বিয়লি ২ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত দলৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। একেদিনাই সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰতো মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।

কোন হব পাৰে বিজেপিৰ নতুন সভাপতি?

১৯ জানুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত মনোনয়ন পত্ৰৰ তদন্ত কৰা হ’ব। লক্ষ্মণে উল্লেখ কৰে যে, প্ৰয়োজন হ’লে ২০ জানুৱাৰীত ভোটগ্ৰহণ হ’ব, আৰু সেইদিনা আনুষ্ঠানিকভাৱে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম ঘোষণা কৰা হ’ব। সূত্ৰ অনুসৰি, জে পি নাড্ডাৰ ঠাইত নীতিন নবীনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰিব পাৰে। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি দলৰ নেতৃত্বই তেওঁক সমৰ্থন কৰিছে।

২০১৯চনৰ জুন মাহত জে পি নাড্ডাকো প্ৰথমবাৰৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল আৰু অৱশেষত ২০২০ চনৰ ২০ জানুৱাৰীত অমিত শ্বাহৰ ঠাইত বিনা প্ৰতিদ্বন্দ্বিতাৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

বিজেপিৰ প্ৰবীণ তথা প্ৰাক্তন বিধায়ক প্ৰয়াত নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ ৪৫ বছৰীয়া নীতিন নবীনক দলৰ ভিতৰতে মতাদৰ্শগতভাৱে সবল আৰু সংগঠনৰ প্ৰতি গভীৰভাৱে নিষ্ঠাবান গতিশীল নেতা হিচাপে দেখা যায়। তেওঁ RSSৰ পটভূমিৰ পৰা আহিছে। বিহাৰৰ বাংকিপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা নীতিন নবীনে দুবাৰকৈ বিহাৰ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...