মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮ ঘণ্টা…

আজি ক’বলৈ বিচাৰিছোঁ জাপানৰ প্ৰধানমন্ত্ৰীৰ টোপনিৰ কাহিনী। প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে কিমান ঘণ্টা শোৱে আপুনি জানেনে? মাত্ৰ ২ ঘণ্টাৰ পৰা ৪ ঘণ্টা…

প্ৰধানমন্ত্ৰী ছানাই এদিন সংবাদ মাধ্যমৰ আগত কৈছিল – “মই প্ৰতিদিনে মাত্ৰ ২ঘণ্টাৰ পৰা ৪ঘণ্টাহে টোপনি যাওঁ।”

জাপানৰ লোকসকলে প্ৰথমে ভাবিছিল – “প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কঠিন পৰিশ্ৰম কৰে বুলি গৌৰৱ কৰিব লাগে নেকি?” কিন্তু পিছত সকলোৰে মনলৈ চিন্তা আহিল – যিজন লোকে দেশ চলায়, তেওঁৱেই যদি ইমান কম সময় শোৱে, তেন্তে আমাৰ দৰে সাধাৰণ লোকৰ কি হ’ব?

এই চৰ্চা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এবাৰ চৰকাৰী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিলে পুৱা ৩ বজাত। প্ৰধানমন্ত্ৰীয়ে ক’লে – “অতিৰিক্ত সময়ৰ সীমা শিথিল কৰা উচিত”।

এতিয়া জাপানৰ ঘৰে ঘৰে আলোচনা হ’ল – “যদি আমাৰ নেতাই দিনে মাত্ৰ দুঘণ্টা টোপনি যায় আৰু সেয়া গৌৰৱৰ কথা বুলি ভাবে, তেন্তে আমি সাধাৰণ লোকে কিয় টোপনিৰ বাবে যুঁজ দিব লাগে? আমিও তেওঁৰ দৰেই কাম কৰা উচিত”

ইফালে, চিকিৎসকসকলৰ পৰামৰ্শ – “দীৰ্ঘদিন এনেকুৱা টোপনিৰ অভাৱ হৃদৰোগ, ডিপ্ৰেছন, আনকি মৃত্যুৰ কাৰণ হ’ব পাৰে। আমি জীয়াই থাকিবলৈ কাম কৰিব লাগিব কিন্তু কেৱল কাম কৰি মৰিব নালাগে।”

জাপানৰ প্ৰধানমন্ত্ৰীৰ এই ৰুটিনে জাপানৰ পুৰণি “কামৰ দাসত্ব”ৰ সংস্কৃতিক পুনৰ চৰ্চালৈ আনিলে।

প্ৰশ্ন হয়- দেশ চলোৱাৰ নামত মানুহৰ জীৱনটোক কিয় দিনে দিনে সংক্ষিপ্ত কৰি পেলোৱা হৈছে?

জাপানৰ এই কাহিনী আমাৰ সকলোৰে বাবে এটা সতৰ্কবাণী – কামৰ নামত জীৱনটোক হেৰুৱাই নিদিব।

টোপনি মানুহৰ অধিকাৰ, দাসত্ব নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...