মণিপুৰত উদ্ধাৰ দীৰ্ঘ দূৰত্বৰ থলুৱা ৰকেট, ৪০ কেজি বিস্ফোৰক, আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ!

মণিপুৰত উদ্ধাৰ ৪০ কেজি বিস্ফোৰক আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ! মঙলবাৰে গভীৰ নিশা মণিপুৰৰ ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত অভিযান চলাই এই বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়। কাংপোকপি জিলাতো এই অভিযান চলোৱা হয়। মণিপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি চুৰাচান্দপুৰৰ গেলমাল গাঁৱৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে প্ৰায় ৪০ কেজি বিস্ফোৰকসহ এটা দীৰ্ঘ দূৰত্বৰ ৰকেট, বহু বেটাৰী আৰু বিস্ফোৰক মিশ্ৰণৰ বাবে পাঁচটা বালিৰ মোনা। মণিপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত জব্দ কৰা সকলো অস্ত্ৰ-শস্ত্ৰৰ ছবি প্ৰকাশ কৰে।

আৰু জানিব পৰা মতে, কেৱল চুৰাচান্দপুৰৰ পৰাই নহয়, কাংপোকপি জিলাৰ গেলবাঙৰ বনাঞ্চলৰ পৰাও বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে। কাংপকপিৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা চিএমজি কাৰ্বাইন আৰু মেগজিন, এটা ০.৩০৩ ৰাইফল, দুটা পিষ্টল, ৯টা দেশত নিৰ্মিত বল্ট একচন চিংগল বেৰেল ৰাইফল, ৪৬ ৰাউণ্ড বিভিন্ন কেলিবাৰৰ সতেজ গুলী, ৮০টা খালী কেচ, এটা দেশত নিৰ্মিত গ্ৰেনেড, ছেফটি ফিউজ আৰু ডিটনেটৰ। মঙলবাৰে আন এক অভিযানত কাংপকপি জিলাৰ কাংচুপ থানাৰ অন্তৰ্গত ছংলুং গাঁৱৰ পৰাও নিৰাপত্তা বাহিনীয়ে বহু অস্ত্ৰ উদ্ধাৰ কৰে।

২০২৩ চনত মণিপুৰৰ এক বৃহৎ অঞ্চলত কুকি-মেইটেইক লৈ সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হৈছিল। ৰাজ্যজুৰি সংঘৰ্ষৰ মাজতে চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনত যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতিৰ শাসন কাৰ্যকৰী হৈ আহিছে। ৰাজ্যিক বিজেপিৰ আপত্তি সত্ত্বেও আগষ্ট মাহত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা আৰু ছমাহৰ বাবে বৃদ্ধি কৰে কেন্দ্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...