আজি কেবিনেটত কি কি সিদ্ধান্ত হ’ল?

▶️ ড্ৰাগছ ব্যৱসায়ীয়ে নগদ ধন যচাৰ পিছতো সেয়া প্ৰত্যাখ্যান কৰাৰ লগতে প্ৰায় ১২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰি কৰ্তব্যনিষ্ঠাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা হোমগাৰ্ড বৰচিং বে’ক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কনিষ্টবল পদত নিযুক্তিত কেবিনেটে অনুমোদন জনায়৷
▶️ এতিয়াৰ পৰা ৰাজ্যখনৰ গ্ৰাম্য এলেকাৰ চৰকাৰী প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজনীয় মাটি ভূমি পৰামৰ্শদাতা সমিতি [এল এ চি] য়ে অনুমোদন জনোৱাৰ পিছত জিলা উপায়ুক্তসকলেই আৱণ্টন কৰিব পাৰিব৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ কোনোধৰণৰ ফাইল প্ৰেৰণ কৰিব নালাগে৷
▶️ হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদানৰ দিশত সংশ্লিষ্ট ডিএফঅ’ই পিচিচিএফৰ অনুমোদন সাপেক্ষে প্ৰত্যক্ষভাৱে প্ৰদান কৰিব পাৰিব৷ ইয়াৰ বাবে অসম চৰকাৰৰ সংশ্লিষ্ট ঊৰ্ধতন কৰ্তৃপক্ষলৈ এই অনুমোদনৰ বাবে কোনোধৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব নালাগে৷
▶️ অইল ইণ্ডিয়া অথবা অ’এনজিচিয়ে তৈল খননৰ বাবে মাটি অধিগ্ৰহণ কৰাৰ সময়ত মাটিৰ গৰাকীয়ে যাতে উচিত মূল্য লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটে এক প্ৰস্তাৱত অনুমোদন জনায়৷ সেই অনুসৰি চহৰ এলেকাৰ ১০ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত অ’এনজিচিয়ে অথবা অইল ইণ্ডিয়াই ক্ষতিপূৰণ হিচাপে প্ৰতি বিঘা ভূমিত ন্যূনতম ১২ লাখ টকা প্ৰদান কৰিব লাগিব৷ আনহাতে, চহৰাঞ্চলৰ পৰা ১০ কিঃমিঃ ব্যাসাৰ্ধৰ বাহিৰত তৈল প্ৰতিষ্ঠানসমূহে প্ৰতি বিঘা ভূমিত ন্যূনতম ১০ লাখ টকা ভূমিৰ গৰাকীক প্ৰদান কৰিব লাগিব৷
▶️ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত যিবোৰ উদগনি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তাৰ আনুষ্ঠানিক প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...