ব্ৰিটিছৰ প্ৰব্ৰজন বিৰোধী আন্দোলনক সমৰ্থন জনাই ইলন মাস্কৰ বাৰ্তা

ইংৰাজসকলে প্ৰব্ৰজনৰ বিৰুদ্ধে ৰাজপথত নামিছে। এই আন্দোলনৰ নেতৃত্বত আছে কট্টৰ দক্ষিণপন্থী সমাজকৰ্মী টমি ৰবিনছন। এইবাৰ তেওঁলোকৰ সৈতে যোগ দিছে আন এজন দক্ষিণপন্থী হিচাপে পৰিচিত টেছলাৰ প্ৰধান ইলন মাস্ক। মাস্কে বিক্ষোভকাৰীসকলক উৎসাহিত কৰি কৈছে, “যুদ্ধ নকৰিলে মৰিব লাগিব।” তেওঁ বাওঁপন্থীসকলক “তেজৰ দল” বুলি কটাক্ষ কৰিছে।

শনিবাৰে লণ্ডনৰ ৰাজপথত প্ৰায় ডেৰ লাখ লোকে প্ৰব্ৰজন বিৰোধী বিক্ষোভত অংশ লয়। তেওঁলোকৰ দাবী, দেশৰ পৰা অভিবাসীসকলক বহিষ্কাৰ কৰা হওক। বিক্ষোভকাৰীসকলে “আমাৰ দেশ আমাক ঘূৰাই দিয়ক” বুলি শ্ল’গান দিয়ে। ডাউনিং ষ্ট্ৰীটৰ ওচৰতো মিছিল কৰে ৰবিনছনৰ সমৰ্থকসকলে। এই ঘটনাই ইউৰোপ আৰু আমেৰিকাৰ দক্ষিণপন্থীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইলন মাস্কে ভিডিঅ’ লিংকৰ জৰিয়তে ৰবিনছন আৰু বিক্ষোভকাৰীসকলৰ সৈতে কথা পাতে। তেওঁ কয়, “তোমালোক এতিয়া এটা অদ্ভুত পৰিস্থিতিত আছা।” তাৰ পিছত তেওঁ বাওঁপন্থীসকলক লক্ষ্য কৰি কয়, “বাওঁপন্থীসকল তেজৰ দল। তেওঁলোকে তেজৰ উৎসৱ পাতে।” তেওঁ আৰু কয়, “হিংসাৰ পথ বাছি নল’লেও হিংসা তোমালোকৰ ওচৰলৈ আহিব। তোমালোকে হয় যুঁজা, নহয় মৰা।”

মাস্কে বাৰে বাৰে বাওঁপন্থীসকলক লক্ষ্য কৰিছে। তেওঁৰ মতে, বাওঁপন্থীসকল ভোটাৰ আমদানিৰ বাবে উৎসাহী। তেওঁ কয়, “নিজৰ দেশৰ লোকক ভোটৰ বাবে পতিয়ন নিয়াব নোৱাৰিলে তেওঁলোকে অন্য দেশৰ পৰা ভোটাৰ আনি ভোটবেংক ভৰায়। এই কৌশল বন্ধ নকৰিলে এনেকৈয়ে চলি থাকিব।”

ৰবিনছনৰ এই বিক্ষোভত ফ্ৰান্সৰ কট্টৰ দক্ষিণপন্থী ৰাজনীতিক এৰিক জেমৰ আৰু জাৰ্মানীৰ প্ৰব্ৰজন বিৰোধী দল এএফডিৰ নেতা পেটৰ বাইষ্ট্ৰনেও সমৰ্থন জনায়। এৰিকৰ দাবী, অ-শ্বেতাঙ্গ অভিবাসীসকলে ইউৰোপীয়সকলক ইচ্ছাকৃতভাৱে দমন কৰিছে।

আনহাতে, ব্ৰিটেইনৰ চেন্ট্ৰিষ্ট লিবাৰেল ডেম’ক্ৰেট নেতা এড ডাভিয়ে সামাজিক মাধ্যমত মাস্কক সমালোচনা কৰি লিখিছে, “এই কট্টৰ দক্ষিণপন্থী ঠগসকলে ব্ৰিটেইনৰ হৈ কথা নকয়।”

ৰবিনছনৰ শনিবাৰৰ কাৰ্যসূচীৰ নাম আছিল ‘ইউনাইট দ্য কিংডম’। সংবাদ সংস্থা এপিৰ মতে, প্ৰায় ১ লাখ ১০ হাজাৰৰ পৰা ডেৰ লাখ লোকে এই বিক্ষোভত অংশ লৈছিল। প্ৰথমে মিছিল শান্তিপূৰ্ণভাৱে আগবাঢ়িছিল। কিন্তু পিছলৈ অশান্তিৰ সৃষ্টি হয়। প্ৰব্ৰজন ৰ সমৰ্থকসকলে ‘মাৰ্চ এগেনষ্ট ফেচিজম’ নামৰ ওলোটা মিছিল আৰম্ভ কৰে, য’ত বৰ্ণবৈষম্যৰ বিৰুদ্ধে শ্ল’গান দিয়া হয়। ইয়াৰ ফলত দক্ষিণপন্থী বিক্ষোভকাৰীসকল ক্ষুব্ধ হৈ পৰে। তেওঁলোকৰ মিছিলৰ পৰা বিপক্ষৰ দিশত শিল, বটল নিক্ষেপ কৰা হয়।

এই ঘটনাত বহু লোক আহত হয় আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। অভিযোগ উঠিছে যে, আৰক্ষীৰ জোৱানসকলক ৰাজপথত পেলাই মাৰধৰ কৰা হৈছে। ২৬ গৰাকী আৰক্ষী আহত হৈছে, য’ত চাৰিজনৰ অৱস্থা গুৰুতৰ। হিংসাত্মক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত কমেও ২৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...