কিমান সম্পত্তিৰ অধিকাৰী অভিনেত্ৰী হেমা মালিনী আৰু ৰেখা?

বলীউডৰ দুই চিৰসেউজ অভিনেত্ৰী হেমা মালিনী আৰু ৰেখা। অভিনয় আৰু অপৰূপ সৌন্দৰ্যৰে অগণন অনুৰাগীৰ হৃদয় জয় কৰি আছে দুয়োৱে। বৰ্তমানেও চাপ পৰা নাই দুয়োৰে গ্লেমাৰ তথা ব্যক্তিত্বত। এতিয়াও দুয়ো চৰ্চাৰ মধ্যমণি হৈ থাকে অনুৰাগীৰ। শেহতীয়াকৈ দুয়োগৰাকী অভিনেত্ৰীকে লৈ সামাজিক মাধ্যমত পুনৰ চৰ্চা । চৰ্চাৰ বিষয় ৰেখা আৰু হেমা মালিনীৰ সম্পত্তিৰ তালিকা।

কাৰ কিমান সম্পত্তি? হেমা মালিনীৰ সম্পত্তি অধিক নে ৰেখাৰ? নিজৰ সৌন্দৰ্য আৰু অভিনয়েৰে অগণন লোকক মোহি ৰাখিছে অভিনেত্ৰী ৰেখাই। এতিয়ালৈকে প্ৰায় দুই শতাধিক ছবিত অভিনয় কৰিছে ৰেখাই। ৰেখাৰ নৃত্যশৈলীও খুব আকৰ্ষণীয়।

অৱশ্যে বহুদিন ধৰি ছবিজগতৰ পৰা আঁতৰি আছে ৰেখা। ছবিৰ পৰিৱৰ্তে আজিকালি একাংশ ‘হাই প্ৰফাইল’ ইভেণ্টতহে অংশগ্ৰহণ কৰা দেখা যায় ৰেখাক।

ৰেখাৰ সম্পত্তিৰ পৰিমান প্ৰায় ৩৩২ কোটি। ১৩ৰ পৰা ১৪ কোটি টকাৰ বিনিময়ত এখন ছবিত অভিনয় কৰে ৰেখাই।

৭০-৮০ৰ দশকৰ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী। ১৯৬৩ চনত বলীউডত খোজ দিছিল হেমাই। ১৯৬৮ত যথেষ্ট জনপ্ৰিয় হৈছিল হেমাৰ ‘সপনো কা সৌদাগৰ’ ছবিখন।

অৱশ্যে সম্প্ৰতি অভিনয় জগতৰ পৰা কিছু আঁতৰি আছে হেমা মালিনী। বৰ্তমান হেমা মালিনীৰ সম্পত্তিৰ তালিকাখন যথেষ্ট দীঘলীয়া। চেন্নাই, মুম্বাই, বৃন্দাবনত আছে হেমাৰ ঘৰ-মাটি।

খবৰ অনুসৰি সম্প্ৰতি ১২৩ কোটি টকাৰ সম্পত্তি গৰাকী হেমা মালিনী। বলীউডত এতিয়াও হ্ৰাস পোৱা নাই এই দুই অভিনেত্ৰীৰ চৰ্চা। কেতিয়াবা যদি দুয়োৰে চিনেমাৰ চৰ্চা, কেতিয়াবা আকৌ দুয়োৰে সৌন্দৰ্যৰ চৰ্চা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...