METAৰ CEOৰ সৈতে একে নাম হোৱাৰ বাবে ৫বাৰ বন্ধ হ’ল একাউণ্ট

মাৰ্ক জাকাৰবাৰ্গৰ সংস্থা মেটাৰ বিৰুদ্ধে গোচৰ তৰিলে মাৰ্ক জাকাৰবাৰ্গ নামৰ এজন আইনজীৱীয়ে। তেওঁৰ অভিযোগ, বিগত আঠ বছৰত পাঁচবাৰ ফেচবুকে তেওঁৰ একাউণ্ট ব্লক কৰিছে। তেওঁ দাবী কৰিছে যে, তেওঁৰ বিৰুদ্ধে আন কোনো ব্যক্তিৰ নামত একাউণ্ট ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই কাৰণে তেওঁৰ পেছাগত ক্ষতিৰ লগতে হাজাৰ হাজাৰ ডলাৰৰ উপাৰ্জনৰো ক্ষতি হৈছে।

গোচৰকাৰী জাকাৰবাৰ্গ আমেৰিকাৰ ইণ্ডিয়ানাৰ বাসিন্দা। তেওঁ মেৰিয়ন ছুপিৰিয়ৰ ক’ৰ্টত এই গোচৰ তৰিছে। তাত তেওঁ জনাইছে যে, ১১ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় আঠ লাখ টকা) খৰচ কৰি ফেচবুকত এটা বিজ্ঞাপন দিছিল। কিন্তু চুক্তি ভংগ কৰি ফেচবুক সংস্থাই সেই বিজ্ঞাপন বন্ধ কৰি দিছে। বিষয়টো বুজাবলৈ তেওঁ কৈছে, “কোনোবাই খৰচ কৰি ৰাস্তাৰ কাষত হ’ৰ্ডিং লগাইছিল, কিন্তু তাৰ পিছত তাক ঢাকি দিয়া হ’ল। মোৰ ক্ষেত্ৰতো একেই ঘটিছে।”

ক’ৰ্টত গোচৰকাৰীয়ে আৰু দাবী কৰিছে যে, তেওঁ নিজৰ পৰিচয় প্ৰমাণৰ বাবে ছবিৰে সৈতে পৰিচয়পত্ৰ, ক্ৰেডিট কাৰ্ডৰ দৰে নথি আৰু নিজৰ বহুতো ফটো দাখিল কৰিছে। তেওঁ জনাইছে যে ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জাকাৰবাৰ্গ বিশ্ববিখ্যাত হোৱাৰ আগৰে পৰাই তেওঁ এই নামেৰে পৰিচিত আছিল। এই বিষয়ে তেওঁ ফেচবুকক বাৰম্বাৰ জনাইছে, কিন্তু তেওঁলোকে তাক গুৰুত্ব নিদিলে।

চলিত বছৰৰ মে’ মাহত তেওঁৰ একাউণ্ট পুনৰ বন্ধ কৰা হৈছিল বুলি জাকাৰবাৰ্গে জনাইছে। গোচৰ তৰাৰ পিছত সেই একাউণ্ট পুনৰ খুলি দিয়া হৈছে। সংস্থাৰ তৰফৰ পৰা এটা বিবৃতিত জনোৱা হৈছে যে ‘ভুলবশতঃ’ জাকাৰবাৰ্গৰ একাউণ্ট বন্ধ কৰা হৈছিল আৰু পিছত ইয়াক পুনৰ চালু কৰা হৈছে। জাকাৰবাৰ্গে এই বিষয়ত যি ধৈৰ্য্য প্ৰদৰ্শন কৰিছে, তাৰ বাবে সংস্থাই তেওঁক কৃতজ্ঞতা জনাইছে। ভৱিষ্যতে যাতে এনে সমস্যা নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলি সংস্থাই প্ৰতিশ্ৰুতি দিছে। নিজৰ নামৰ কাৰণে বিগত কেইবছৰমানৰ মাজত কি কি সমস্যাৰ সন্মুখীন হৈছে, সেই সকলোবোৰ এটা ৱেবছাইট খুলি প্ৰকাশ কৰিছে জাকাৰবাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...