বিশ্বৰ আগশাৰীৰ IT কোম্পানীসমূহৰ মুৰব্বীৰ সৈতে ট্ৰাম্পৰ নৈশ আহাৰ | ইলন মাস্ক অনুপস্থিত | কি ক’লে মাস্কে?

বিশ্বৰ আগশাৰীৰ তথ্যপ্ৰযুক্তি সংস্থাৰ প্ৰধানসকলৰ সৈতে নৈশভোজ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে ফ্ল’ৰিডাত আয়োজিত এই নৈশভোজত অংশ লৈছিল মেটা (ফেচবুকৰ নিয়ন্ত্ৰণকাৰী সংস্থা)-ৰ চিইঅ’ মাৰ্ক জাকাৰবাৰ্গ, এপলৰ চিইঅ’ টিম কুক, মাইক্ৰ’চফ্টৰ চিইঅ’ সত্য নাডেলা, মাইক্ৰ’চফ্টৰ সহ-প্ৰতিষ্ঠাতা বিল গেটছ আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলে। কিন্তু এই নৈশভোজত দেখা নগ’ল এসময়ৰ ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধু তথা টেছলা আৰু এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কক। মাস্কে এই নৈশভোজৰ আমন্ত্ৰণ লাভ নকৰাৰ কথা বিয়পি পৰিছিল। তথাপি এই প্ৰসঙ্গত মুখ খুলিছে এসময়ৰ ট্ৰাম্প প্ৰশাসনৰ চৰকাৰী দক্ষতা বিষয়ক দফতৰৰ প্ৰধান ইলন মাস্কে।

মাস্কে কয়, “মই আমন্ত্ৰিত আছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে, মই তাত উপস্থিত হ’ব নোৱাৰিলোঁ। তথাপিও মোৰ এজন প্ৰতিনিধি তালৈ গৈছিল।” যদিও হোৱাইট হাউছৰ এজন বিষয়াৰ দাবী, আমন্ত্ৰিত অতিথিৰ তালিকাত মাস্কৰ নামেই নাছিল। ফলত এই বিষয়টোক লৈ চৰ্চাৰ সৃষ্টি হৈছে। তথাপিও মাস্কৰ অনুপস্থিতিত নৈশভোজত উপস্থিত আছিল কৃত্ৰিম বুদ্ধিমত্তাৰ বাণিজ্যিক ব্যৱহাৰত মাস্কৰ প্ৰতিদ্বন্দ্বী সংস্থা ওপেনএআইৰ চিইঅ’ ছেম অল্টমেন। নৈশভোজত প্ৰতিটো সংস্থাৰ প্ৰধানৰ পৰা ট্ৰাম্পে জানিবলৈ বিচাৰিছিল যে, তেওঁলোকে আমেৰিকাত কিমান ধন বিনিয়োগ কৰিব। বিনিয়োগৰ পৰিমাণ শুনি তেওঁ সন্তুষ্ট হৈছিল আৰু ধেমালি কৰি কৈছিল, “উচ্চ মেধাসম্পন্ন মানুহৰ সৈতে বহি আছোঁ।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ সময়ত ট্ৰাম্পে ধনকুবেৰ তথা টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সমৰ্থন লাভ কৰিছিল। মাস্কে ৰিপাব্লিকান প্ৰাৰ্থীৰ পক্ষত সম্পূৰ্ণ সমৰ্থন জনাইছিল আৰু তেওঁৰ হৈ প্ৰচাৰো চলাইছিল। ক্ষমতালৈ অহাৰ পিছত ট্ৰাম্প প্ৰশাসনত মাস্কে বিশেষ গুৰুত্ব লাভ কৰিছিল। তেওঁক ৰাষ্ট্ৰপতিৰ বিশেষ পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হৈছিল আৰু তেওঁৰ বাবে এটা পৃথক বিভাগো গঠন কৰা হৈছিল। সেই বিভাগৰ কাম আছিল অপ্ৰয়োজনীয় খৰছ কৰ্তন কৰি চৰকাৰক সহায় কৰা। ট্ৰাম্প আৰু মাস্কৰ ঘনিষ্ঠতা দিনক দিনে বাঢ়ি আছিল। কিন্তু কেইমাহমানৰ পূৰ্বে এখন বিধেয়কক কেন্দ্ৰ কৰি দুয়োৰে মাজত মতভেদৰ সৃষ্টি হয়। ট্ৰাম্পে যি বিধেয়কক ‘বৃহৎ আৰু সুন্দৰ’ বুলি বৰ্ণনা কৰিছিল, মাস্কে প্ৰকাশ্যে তাৰ সমালোচনা আৰম্ভ কৰে। আৰু ইয়াৰ পিছত এসময়ৰ মধুৰ সম্পৰ্ক তিক্ততালৈ ৰূপান্তৰিত হয়। মাস্কে ট্ৰাম্পক ব্যক্তিগতভাৱেও আক্ৰমণ কৰিছিল। লগতে তেওঁ প্ৰশাসনিক পদ ত্যাগ কৰে। তথাপিও, মাৰ্কিন কংগ্ৰেছৰ উভয় কক্ষত গৃহীত হোৱাৰ পিছত ট্ৰাম্পৰ সেই ‘বৃহৎ আৰু সুন্দৰ’ বিধেয়ক আইনত পৰিণত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...