ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ লগতে ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ইউৰোপীয় ইউনিয়নৰ প্ৰয়াস। বৃহস্পতিবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰনে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয়, “যুদ্ধ শেষ হোৱাৰ পিছত ২৬খন দেশে ইউক্ৰেইনৰ নিৰাপত্তাৰ বাবে এটা সহায়ক বাহিনী গঠনৰ প্ৰতিশ্ৰুতি দিছে।”
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইতিমধ্যে জনাইছে যে, যুদ্ধবিৰতিৰ অন্যতম চৰ্ত হিচাপে ইউক্ৰেইনে আমেৰিকাৰ নেতৃত্বাধীন সামৰিক জোট নেটোত যোগ নিদিয়াৰ প্ৰতিশ্ৰুতি দিব লাগিব। ১৫ আগষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলাস্কাত অনুষ্ঠিত বৈঠকত তেওঁ এই কথা জনাইছিল। ইয়াৰ পিছত ১৮ আগষ্টত হোৱাইট হাউছৰ ওভাল অফিচত ট্ৰাম্পৰ সৈতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ বৈঠক হয়। তাত জেলেনস্কিয়ে যুদ্ধৰ পিছৰ পৰ্যায়ত ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী তুলিছিল।
জেলেনস্কিৰ সৈতে মেক্ৰন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰ্মাৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰিডৰিখ মেৰ্টজ, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজাণ্ডাৰ ষ্টাব, ইউৰোপীয় কমিছনৰ ৰাষ্ট্ৰপতি উৰ্চুলা ফন ডাৰ লেন আৰু নেটোৰ মহাসচিব মাৰ্ক ৰুট সেইদিন হোৱাইট হাউছত উপস্থিত আছিল। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে, ষ্টাৰ্মাৰে ইউক্ৰেইনৰ নিৰাপত্তাৰ বাবে এটা বিশেষ বাহিনী গঠনৰ প্ৰস্তাৱ দিছিল। তেওঁ এটা ‘ইচ্ছাশক্তিৰ জোট’ গঠনৰ ওপৰত জোৰ দিছিল। যুদ্ধবিৰতি বা শান্তিচুক্তিৰ পিছত এই বাহিনীক ইউক্ৰেইনত মোতায়েনৰ প্ৰস্তাৱ দিছিল তেওঁ। তেওঁৰ যুক্তি আছিল যে, ইউক্ৰেইনত ‘শান্তিৰক্ষা বাহিনী’ মোতায়েন কৰিলে নেটোৰ সদস্য দেশৰ সৈন্যৰ সৈতে সংঘৰ্ষ কৰাৰ পূৰ্বে ৰাছিয়াই দুবাৰ ভাৱিব। কিন্তু সমস্যা হ’ল, শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা গঢ়িবলৈ এটা বিশাল সেনাবাহিনীৰ প্ৰয়োজন। সূত্ৰৰ খবৰ অনুসৰি, বিকল্প হিচাপে ইউক্ৰেইনত ‘ট্ৰিপৱায়াৰ’ বাহিনী (তুলনামূলকভাৱে কম সংখ্যক সৈনিকৰে গঠিত বাহিনী) মোতায়েনৰ কথাও ইউৰোপৰ দেশসমূহে ভাবিব পাৰে। ইয়াৰ উপৰিও ‘নজৰদাৰী বাহিনী’ মোতায়েনৰ কথাও বিবেচনা কৰা হ’ব পাৰে, যাৰ মূল কাম হ’ল সামৰিক গতিবিধিৰ বিষয়ে তথ্য প্ৰদান কৰা। কিন্তু এনে কোনো সামৰিক জোটত আমেৰিকা যোগ দিব বুলি ট্ৰাম্পে কোনো আশ্বাস দিয়া নাই। মেক্ৰনে বৃহস্পতিবাৰে পেণ্টাগনৰ ‘সম্ভাৱ্য ভূমিকা’ সম্পৰ্কে একো নক’লে।
