চীনৰ অন্ধকাৰত ভাৰত আৰু ৰাছিয়াক হেৰুৱালোঁ; পুটিন-মোদী-জিনপিঙৰ ফটোৰে হঠাৎ কি ইংগিত দিছে ট্ৰাম্পে?

ভাৰত আৰু ৰাছিয়া চীনৰ গভীৰ আৰু অন্ধকাৰতম পৰিস্থিতিত হেৰাই গৈছে। শুকুৰবাৰে সামাজিক মাধ্যমত এনে এটা পোষ্টত হঠাৎ এই দাবী কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ ইংগিতপূৰ্ণ মন্তব্যও কৰিলে। তিনিওখন দেশক একেলগে ভৱিষ্যতৰ শুভেচ্ছা জনাইছে তেওঁ। তেওঁৰ এই পোষ্টক লৈ চৰ্চা আৰম্ভ হৈছে।

শেহতীয়াকৈ এছচিঅ’ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনলৈ গৈছিল। তাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও তেওঁৰ সাক্ষাৎ হৈছিল। মোদীয়ে জিনপিং আৰু পুটিনৰ সৈতে পৃথকে পৃথকে দ্বিপাক্ষিক বৈঠক কৰে। ভাৰতৰ সৈতে এই দুখন দেশৰ সু-সম্পৰ্কৰ বাৰ্তা প্ৰকাশ কৰা হৈছিল। প্ৰথমৰ পৰাই চীনৰ তিয়ানজিন চহৰত এই তিনি ৰাষ্ট্ৰপ্ৰধানৰ সাক্ষাৎক ট্ৰাম্পে কটাক্ষ কৰি আহিছিল। শুকুৰবাৰে তেওঁ মোদী, পুটিন আৰু জিনপিঙৰ এই সন্মিলনৰ এখন ফটো পোষ্ট কৰিলে। তাত লিখিলে মাত্ৰ দুশাৰী কথা, “এনে লাগিছে আমি ভাৰত আৰু ৰাছিয়াক চীনৰ গভীৰতম, অন্ধকাৰতম পৰিস্থিতিত হেৰুৱাই পেলাইছো। তেওঁলোকৰ ভৱিষ্যত দীৰ্ঘ আৰু সমৃদ্ধ হওক, এই কামনা কৰোঁ।”

ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয়ৰ কাৰণে ভাৰতৰ ওপৰত ট্ৰাম্পে শাস্তিমূলক শুল্ক আৰোপ কৰিছে। ভাৰতৰ পণ্যৰ ওপৰত এতিয়া আমেৰিকাৰ শুল্কৰ পৰিমাণ ৫০ শতাংশ। এই পৰিস্থিতিত চীন আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। আমেৰিকাৰ বজাৰৰ বিকল্প হিচাপে চীনে ভাৰতৰ ব্যৱসায়ীসকলক আহ্বান জনাইছে। বাণিজ্যক লৈ এই সংঘাতৰ মাজতে ট্ৰাম্পৰ ইংগিতপূৰ্ণ পোষ্ট প্ৰকাশ পাইছে। বহুতে দাবী কৰিছিল যে, আমেৰিকা আৰু ভাৰতৰ মাজত শুল্কক লৈ চলি থকা সংঘাত সাময়িক। দুয়োখন দেশে শীঘ্ৰেই বুজাবুজিত উপনীত হ’ব। কিন্তু ট্ৰাম্পৰ এই পোষ্টৰ পিছত সেয়া দৃঢ়তাৰে কোৱা সম্ভৱ নহয় বুলি পৰ্যবেক্ষকৰ এটা অংশৰ মত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...