মোদীৰ সৈতে কথা পাতি পাতি পাৰ হৈ গৈছে পুটিন, এই দৃশ্য দেখি অপ্ৰস্তুত হৈ পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফ

চীনৰ তিয়ানজিনত অনুষ্ঠিত এছচিঅ’ (SCO) সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ একেলগে খোজকাঢ়ি যোৱা আৰু আলোচনাত মগ্ন হোৱাৰ দৃশ্যই সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফ পথৰ এফালে থিয় হৈ তেওঁলোকৰ ফালে চাই আছিল, কিন্তু মোদী আৰু পুটিনৰ কোনোৱে তেওঁৰ ফালে এবাৰো নাচালে।

এই দৃশ্যই ভূৰাজনৈতিক পৰিস্থিতিৰ কিছু ইংগিত বহন কৰে। ৰাছিয়া দীৰ্ঘদিন ধৰি ভাৰতৰ ‘বিশ্বস্ত বন্ধু’ হিচাপে পৰিচিত। ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়তো ৰাছিয়াৰ অস্ত্ৰ আৰু আকাশ প্ৰতিৰক্ষা ব্যৱস্থা ভাৰতে ব্যৱহাৰ কৰিছিল। আনহাতে, মস্কোৰ সৈতে ইছলামাবাদৰ সম্পৰ্ক কেতিয়াও বিশেষ সুমধুৰ নহয়। শীতল যুদ্ধৰ সময়ত পাকিস্তানে আমেৰিকাৰ সৈতে ঘনিষ্ঠতা গঢ়ি তুলিছিল, তেতিয়া ভাৰতক তদানীন্তন ছোভিয়েট ইউনিয়নৰ (বৰ্তমানৰ ৰাছিয়াৰ অংশ) ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল। প্ৰতিৰক্ষা, অৰ্থনীতিৰ দৰে একাধিক ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক এতিয়াও অটুট। মোদী আৰু পুটিনৰ এই আলোচনা আৰু শ্বেহবাজক ‘অৱজ্ঞা’ৰ ঘটনাক তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

এই ঘটনাই ড’নাল্ড ট্ৰাম্পৰ শুল্কনীতিৰ পটভূমিত ভাৰত, ৰাছিয়া আৰু চীনৰ মাজত নতুন ত্ৰিপাক্ষিক অক্ষ গঠনৰ সম্ভাৱনাৰ কথাও উত্থাপন হৈছে। কূটনীতিবিদৰ এটা অংশৰ মতে, আমেৰিকাৰ সৈতে সম্পৰ্ক ‘স্বাভাৱিক’ হ’লেও দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ ৰাজনীতিত পাকিস্তান পুনৰ ‘এঘৰীয়া’ হ’ব পাৰে। ভাইৰেল হোৱা ভিডিঅ’ যদি কেৱল কাকতালীয় নহয় আৰু বৰ্তমানৰ ভূৰাজনৈতিক বাস্তৱতা প্ৰতিফলিত কৰে, তেন্তে ই ইছলামাবাদৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে বুলি তেওঁলোকে ধাৰণা কৰে। ভিডিঅ’টিত দেখা যায় যে, মোদী-পুটিনৰ কথা-বতৰাৰ মাজত হাঁহি পাৰ হৈ যোৱাৰ দৃশ্য দেখি শ্বেহবাজ কিছু অপ্ৰস্তুত যেন লাগিছিল।

সোমবাৰে এছচিঅ’ সন্মিলনৰ দ্বিতীয় দিনত মোদীৰ সৈতে পুটিনৰ পাৰ্শ্ববৈঠক অনুষ্ঠিত হ’ব। ৰাছিয়াৰ পৰা তেল আমদানিৰ বাবে ভাৰতৰ বেছিভাগ পণ্যৰ ওপৰত ট্ৰাম্পে অতিৰিক্ত ২৫ শতাংশ (মুঠ ৫০ শতাংশ) শুল্ক আৰোপ কৰিছে। এই পৰিস্থিতিত দুই ৰাষ্ট্ৰপ্ৰধানৰ বৈঠকত কি কি বিষয়ে আলোচনা হ’ব, তাক লৈ সকলোৰে কৌতূহল। তথাপি, প্ৰথাগত বৈঠকৰ আগতে মোদী আৰু পুটিনৰ এই স্বচ্ছন্দ আলোচনাই ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ দৃঢ়তাক প্ৰমাণ কৰিছে বুলি বিশ্বাস কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...