‘ইউক্ৰেইনৰ সংকট সমাধান’ত ভাৰত আৰু চীনৰ ভূমিকাক প্ৰশংসা কৰিলে পুটিনে! মোদীৰ সৈতে একেখন গাড়ীতে SCO সন্মিলনলৈ গ’ল পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন সংকট সমাধানৰ ক্ষেত্ৰত ভাৰত আৰু চীনৰ ভূমিকাক প্ৰশংসা কৰিছে। চীনৰ তিয়ানজিনত অনুষ্ঠিত এছচিঅ’ (SCO) সন্মিলনৰ দ্বিতীয় দিনাৰ বক্তৃতাত তেওঁ এই মন্তব্য প্ৰকাশ কৰে। একে সময়তে, প্ৰায় তিনি বছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে আমেৰিকাৰ নেতৃত্বাধীন সামৰিক জোট নেটো আৰু পশ্চিমীয়া বিশ্বৰ হস্তক্ষেপক দায়ী কৰিছে তেওঁ।

এছচিঅ’ বৈঠকৰ পিছত পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকৰ বাবে ৰাওনা হয়। দুয়োজন ৰাষ্ট্ৰপ্ৰধানে একেখন গাড়ীত উঠি বৈঠকৰ স্থানলৈ যায়। ভাৰতীয় সময় অনুসৰি বিয়লি ১২ বজাৰ কিছুসময় পিছত মোদী আৰু পুটিনৰ মাজত এই দ্বিপাক্ষিক বৈঠক আৰম্ভ হয়।

তিয়ানজিনত নিজৰ বক্তৃতাত পুটিনে কয়, “ইউক্ৰেইন-ৰাছিয়াৰ মাজত শান্তি স্থাপন কৰাৰ ক্ষেত্ৰত চীন আৰু ভাৰতৰ ভূমিকাক আমি প্ৰশংসা কৰোঁ।” কেইদিনমান আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰামৰ্শদাতা পিটাৰ নাভাৰোৱে ইউক্ৰেইন যুদ্ধক ‘মোদীৰ যুদ্ধ’ বুলি অভিহিত কৰি দাবী কৰিছিল যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় ক্ৰয় কৰাৰ বাবেই মস্কোৱে সেই ধন ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু সোমবাৰে পুটিনে এই দাবী খণ্ডন কৰি কয় যে, আমেৰিকাৰ নেতৃত্বাধীন নেটো আৰু পশ্চিমীয়া বিশ্বৰ হস্তক্ষেপৰ বাবেই এই যুদ্ধৰ সূচনা হৈছে।

ইফালে, পুটিনে ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে ট্ৰাম্পৰ প্ৰচেষ্টাৰো প্ৰশংসা কৰে। তেওঁ ১৫ আগষ্টত অনুষ্ঠিত আলাস্কা বৈঠকৰ কথাও উল্লেখ কৰে। পুটিনে কয়, “আলাস্কাত ৰাছিয়া আৰু আমেৰিকাৰ মাজত হোৱা বৈঠকত এক বুজাবুজি স্থাপন হৈছে। মোৰ মতে, নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে সেই বুজাবুজিয়ে কাম কৰিব।” কিন্তু এই বুজাবুজি আৰু লক্ষ্যৰ বিষয়ে তেওঁ স্পষ্টকৈ একো নক’লে।

বিশ্লেষকসকলে ধাৰণা কৰে যে, পুটিনে এই বক্তব্যৰ জৰিয়তে এক ভাৰসাম্যৰ বাৰ্তা দিবলৈ চেষ্টা কৰিছে। এফালে তেওঁ আমেৰিকাৰ দাবী নস্যাৎ কৰি ইউক্ৰেইনৰ সৈতে সমস্যা সমাধানত নতুন দিল্লীৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে, আনফালে ট্ৰাম্পৰ শান্তি প্ৰতিষ্ঠাৰ উদ্যোগকো স্বীকৃতি দিছে। ট্ৰাম্পৰ শুল্কনীতিৰ সমালোচনা কৰা পুটিনৰ এই পদক্ষেপক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...