বাণিজ্য ঘাটিৰ পৰা সীমান্ত সংঘাতলৈকে…চীন-ভাৰতৰ বন্ধুত্ব মজবুত কৰিবলৈ কি কি প্ৰয়োজন? মোদীলৈ জিনপিঙৰ ৪টা পৰামৰ্শ

চীন আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত কৰি বন্ধুত্ব জোৰদাৰ কৰাৰ বাবে কি কি কৰাৰ প্ৰয়োজন? এই বিষয়ত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাৰিটা পৰামৰ্শ দিছে। দেওবাৰে ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা জনাইছে। ভাৰত আৰু চীনৰ মাজত বাণিজ্যত যি বিশাল ঘাটি আছে, সেই প্ৰসংগ দুই ৰাষ্ট্ৰনেতাৰ আলোচনাত উত্থাপিত হৈছে। লগতে সীমান্তত দুই দেশৰ সেনাৰ সংঘাতৰ প্ৰসংগও উত্থাপিত হৈছে। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে এই সমস্যাবোৰ সমাধানৰ গুৰুত্ব দ্বিপাক্ষিক বৈঠকত তুলি ধৰা হৈছে।

চীনৰ ৰাষ্ট্ৰপতিয়ে জনাইছে যে, দুই দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে চাৰিটা বিষয়ৰ প্ৰয়োজন। প্ৰথমতে, চীন আৰু ভাৰতৰ মাজত কৌশলগত যোগাযোগ আৰু অধিক জোৰদাৰ কৰিব লাগিব। ইজনৰ প্ৰতি সিজনৰ গভীৰ আস্থাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। দ্বিতীয়তে, সহযোগিতা আৰু লেনদেন বৃদ্ধি কৰিব লাগিব। তেতিয়াহে দুয়োপক্ষই লাভৱান হ’ব আৰু সফলতা লাভ কৰিব। তৃতীয়তে, ইজনৰ সমস্যা আৰু উদ্বেগত সিজনে সহায়ৰ চেষ্টা কৰিব লাগিব। চতুৰ্থতে, দুই দেশৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ যোগাযোগ আৰু বহুপাক্ষিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব লাগিব।

দুই দেশৰ মাজত আমদানি আৰু ৰপ্তানিত যেতিয়া কোনো ভাৰসাম্য নাথাকে, তেতিয়া বাণিজ্যিক ঘাটিৰ সৃষ্টি হয়। অৰ্থাৎ, কোনো দেশৰ মুঠ আমদানি যদি তাৰ মুঠ ৰপ্তানিতকৈ বেছি হয়, তাকেই বাণিজ্যিক ঘাটি বোলা হয়। চীন আৰু ভাৰতৰ মাজত বাণিজ্যিক ঘাটি সম্প্ৰতি ৮ লাখ কোটি টকাত উপনীত হৈছে। মোদী-জিনপিং বৈঠকত এই প্ৰসংগ উত্থাপিত হৈছিল। দুই নেতাই স্বীকাৰ কৰিছে যে, এই মুহূৰ্তত বিশ্বৰ অৰ্থনীতিত যি অস্থিৰতা চলি আছে, ভাৰত আৰু চীনে তাক স্বাভাৱিক কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। দ্বিপাক্ষিক বাণিজ্যিক ঘাটি পূৰণৰ বাবে লেনদেন আৰু বিনিয়োগ বৃদ্ধিৰ কথা কোৱা হৈছে। তাৰ বাবে বাণিজ্যৰ পথ সৰল কৰিব লাগিব। ৰাজনৈতিক আৰু কৌশলগত পন্থা অৱলম্বন কৰিব লাগিব।

২০২০ চনত গালৱান উপত্যকাত চীন আৰু ভাৰতৰ মাজত তীব্ৰ সংঘাত হৈছিল। তাৰ পিছৰে পৰা ধীৰে ধীৰে উত্তেজনা হ্ৰাস পাইছে। সীমান্তত শান্তি বজাই ৰখাটো এই মুহূৰ্তত অতি জৰুৰী বুলি দুই ৰাষ্ট্ৰপ্ৰধানে মানি লৈছে। সীমান্তত শান্তি থাকিলেহে চীন আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক জোৰদাৰ হ’ব।

এছচিঅ’ সন্মিলনত যোগ দিবলৈ মোদীয়ে চীনলৈ গৈছে। দেওবাৰে তেওঁ জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠক সম্পন্ন কৰিছে। ইয়াৰ পিছত সোমবাৰে চীনতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰাৰ কথা আছে। তাৰ পিছত প্ৰধানমন্ত্ৰীজন দেশলৈ উভতি আহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...