চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল মেচ অহা ১৬ আৰু ১৭ আগষ্টত অনুষ্ঠিত হ’ব৷ উক্ত দুদিনত প্ৰতিদিনে দুখনকৈ নকআউট মেচ অনুষ্ঠিত হ’ব৷ ১৬ আগষ্টৰ দিনা দিনৰ চাৰি বজাত ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা মেচত ছিলং লাজং এফ চিয়ে ভাৰতীয় নৌ সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ আনহাতে, উক্ত দিনাই নিশা সাত বজাত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বড়োলেণ্ড এফ চি মুখামুখি হ’ব৷
উল্লেখ্য যে এই দূয়োখন কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দল দুটাই অহা ১৯ আগষ্টত ছিলঙত হ’বলগা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত মুখামুখি হ’ব৷
ইফালে, অহা ১৭ আগষ্টত জামছেদপুৰৰ জে আৰ ডি ক্ৰীড়া প্ৰকল্পত আবেলি চাৰি বজাত হ’বলগা তৃতীয় কোৱাৰ্টাৰ ফাইনেলত জামছেদপুৰ এফ চি মুখামুখি হ’ব ডাইমণ্ড হাৰবাৰ এফ চিৰ৷ আনহাতে, ১৭ আগষ্টৰ নিশা সাত বজাত কলকাতা ডাৰ্বিত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত মোহন বাগান ছুপাৰ জায়েণ্ট-ইষ্ট বেংগল এফ চিৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেল৷
প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল ২০ আগষ্টত হোৱাৰ বিপৰীতে অহা ২৩ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব৷
