‘ভাৰতীয় নাগৰিকত্ব পোৱাৰ আগতেই ভোটাৰ তালিকাত ছোনিয়াৰ নাম আছিল!’ ১৯৮০চনৰ ‘নথি-পত্ৰ’ দেখুৱাইছে বিজেপিয়ে

ভাৰতৰ নাগৰিকত্ব লাভৰ পূৰ্বেই কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল বুলি এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি)। ভোটাৰ তালিকাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজত বিজেপিৰ আই টি চেলৰ সৰ্বভাৰতীয় প্ৰধান অমিত মালব্যই বুধবাৰে নিজৰ এক্স হেণ্ডলত এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণ চলাইছে।

অমিতৰ দাবী, আজিৰ পৰা ৪৫ বছৰ পূৰ্বে নিৰ্বাচন কমিছনৰ সৈতে বুজাবুজি কৰি ছোনিয়া গান্ধীয়ে ভোটাৰ তালিকাত জালিয়াতি কৰিছিল। তেওঁৰ অভিযোগ, সেই সময়ত ছোনিয়া ভাৰতৰ নাগৰিক নাছিল, তথাপিও তেওঁৰ নাম অবৈধভাৱে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। নিজৰ দাবীৰ সমৰ্থনত অমিতে প্ৰমাণ হিচাপে ১৯৮০ চনৰ ভোটাৰ তালিকাৰ এখন ছবি পোষ্ট কৰিছে। তেওঁ দাবী কৰিছে যে সেই তালিকাত ছোনিয়াৰ নাম আছিল, যদিও তেওঁ তেতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাছিল। অমিতে লিখিছে, “এইটো যদি নিৰ্বাচনী বিধিৰ লঙ্ঘন নহয়, তেন্তে কি?”

১৯৪৬ চনত ইটালীত জন্মগ্ৰহণ কৰা ছোনিয়াৰ পিতৃৰ নাম আছিল ষ্টেফানো মাইনো। ১৯৬৮ চনত ৰাজীৱ গান্ধীৰ সৈতে বিবাহৰ পিছত তেওঁ গান্ধী পৰিয়ালৰ অংশ হৈ পৰে। বিজেপিৰ দাবী, ১৯৮০ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন দিল্লী কেন্দ্ৰৰ ভোটাৰ তালিকাত প্ৰথমবাৰৰ বাবে ছোনিয়াৰ নাম অন্তৰ্ভুক্ত হৈছিল। সেই সময়ত গান্ধী পৰিয়াল তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰী বাসভৱনত বাস কৰিছিল। বিজেপিৰ আন এটা দাবী, ১৯৮২ চনলৈকে ছোনিয়াৰ নাম ভোটাৰ তালিকাত আছিল, যদিও তেওঁ ভাৰতীয় নাগৰিকত্ব ১৯৮৩ চনতহে লাভ কৰিছিল। এই ‘তথ্যপ্ৰমাণ’ প্ৰকাশ কৰি অমিতে লিখিছে, “এইটো স্পষ্টভাৱে আইনৰ লঙ্ঘন। ভোটাৰ হিচাপে নথিভুক্ত হ’বলৈ হ’লে এজন ব্যক্তি অৱশ্যই ভাৰতীয় নাগৰিক হ’ব লাগিব। ১৯৮২ চনত বিতৰ্ক আৰু সমালোচনাৰ পিছত ছোনিয়াৰ নাম তালিকাৰ পৰা মচি পেলোৱা হৈছিল। ১৯৮৩ চনত ভাৰতীয় নাগৰিকত্ব লাভৰ পিছত তেওঁৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।” অমিতৰ দাবী। অমিতৰ এই পোষ্টৰ পিছতে বিজেপি সৰৱ হৈ উঠিছে। বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে দাবী কৰিছে যে, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ নিৰ্বাচনত ভোট চুৰিৰ যি অভিযোগ সম্প্ৰতি ৰাহুল গান্ধীয়ে উত্থাপন কৰিছে, সেয়া “সম্পূৰ্ণ অসত্য আৰু ভুল পৰিসংখ্যা”। বিজেপিৰ দাবীৰ ওলোটা প্ৰতিক্ৰিয়া জনাইছে কংগ্ৰেছেও। বিহাৰৰ কংগ্ৰেছ সাংসদ তাৰিক আনোৱাৰে কৈছে, “এই বিষয়ৰ বাবে নিৰ্বাচন আয়োগ দায়ী। ছোনিয়া গান্ধীয়ে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে কোনো অনুৰোধ কৰা নাছিল। নিৰ্বাচন কমিছনৰ তৎকালীন কৰ্তৃপক্ষই নিজৰ পৰা এই কাম কৰিছিল।” তাৰিকৰ মতে, নিৰ্বাচন কমিছন এখন স্বাধীন আৰু সাংবিধানিক সংস্থা। সেই সময়ত কমিছনে স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ৰাখিছিল। তাৰ পিছত ওলোটা আক্ৰমণ চলাই কংগ্ৰেছ নেতাই কৈছে, “আমি দেখিছোঁ যে, বৰ্তমান নিৰ্বাচন কমিছন বিজেপিৰেই এটা অংশ হৈ পৰিছে! এই দুৰৱস্থাৰ পৰা তেওঁলোকে দ্ৰুতভাৱে ওলাই আহিব লাগে।”

বিজেপিৰ সৈতে হাত মিলাই লোকসভা নিৰ্বাচন আৰু তাৰ পিছত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভোট চুৰি কৰিছে বুলি সম্প্ৰতি কংগ্ৰেছে নিৰ্বাচন কমিছনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। বৃহস্পতিবাৰে এখন সংবাদমেলত পৰিসংখ্যা দেখুৱাই ৰাহুল গান্ধীয়ে এই বিষয়ে নতুনকৈ অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ কেইবাটাও উদাহৰণো দিছিল। এই বিষয়ে দেশজুৰি চৰ্চা আৰম্ভ হৈছে। ইতিমধ্যে ৰাহুলৰ পৰা এই বিষয়ত উত্তৰ বিচৰাৰ লগতে সংশ্লিষ্ট ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকলে তেওঁলৈ নোটিছ পঠিয়াইছে, সাংবিধানিক প্ৰতিষ্ঠানক অসন্মান কৰাৰ অভিযোগত। এই পৰিপ্ৰেক্ষিতত বিজেপিয়ে এইবাৰ কংগ্ৰেছকেই লক্ষ্য কৰি লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...