‘আটাইতকৈ পবিত্ৰ বস্তুবোৰ লেতেৰা চকুৰে চোৱা যায়’; কিয় এই মন্তব্য কৰিলে তামান্না ভাটিয়াই?

সৰ্বাধিক পৱিত্ৰ বিষয়টোকেই বেয়া দৃষ্টিৰে চোৱা হয় বুলি দাবী কৰিছে অভিনেত্ৰী তামান্না ভাটিয়াই। পৰ্দাত তেওঁৰ ৰূপত মুগ্ধ হৈ পৰে অনুৰাগীসকল। তেওঁৰ শাৰীৰিক আকৰ্ষণে এক অনন্য আবেগৰ সৃষ্টি কৰে। ‘আজ কি ৰাত’ শীৰ্ষক গীতত নৃত্যৰ পিছত তেওঁ অনুৰাগীসকলৰ বাবে স্বপ্নসুন্দৰীত পৰিণত হৈছে। বাস্তৱ জীৱনত তামান্না অতি স্পষ্টবাদী। যিকোনো বিষয়ত মুকলিকৈ কথা ক’বলৈ তেওঁ ভাল পায়। সম্প্ৰতি এটা সাক্ষাৎকাৰত তামান্নাই যৌনতাৰ বিষয়ে কথা কৈছে।

অভিনেত্ৰী গৰাকীৰ মতে, পৃথিৱীৰ সৰ্বাধিক পৱিত্ৰ বিষয়টোকেই বেয়া দৃষ্টিৰে চোৱা হয়। তামান্নাই কয়, “যেতিয়া মানুহে আপোনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে এটা অদ্ভুত পদ্ধতি গ্ৰহণ কৰে। তেওঁলোকে আপোনাক লজ্জিত আৰু দোষী অনুভৱ কৰোৱাৰ চেষ্টা কৰে। তেওঁলোকে সদায় এইটোৱে বিচাৰে যাতে আপুনি নিজৰ কামৰ বাবে লজ্জিত অনুভৱ কৰে।”

নিজৰ কামৰ বাবে লজ্জিত হোৱাটো সৰ্বাধিক ভুল বুলি ধাৰণা কৰে তামান্নাই। যৌনতাৰ বিষয়ে তেওঁ কয়, “যি মুহূৰ্তত কোনোবাই আপোনাক লজ্জিত অনুভৱ কৰাব পাৰে, সেই মুহূৰ্তত আপুনি তেওঁৰ নিয়ন্ত্ৰণলৈ আহে। কি অদ্ভুতভাৱে আমি সৰ্বাধিক পৱিত্ৰ বিষয়টোৰ বাবে লজ্জিত অনুভৱ কৰো। কাৰণ আমাক এনেকৈ ভাবিবলৈ শিকোৱা হৈছে। আমি ভাবো, কি বেয়া কামটো কৰিলো! কিন্তু এইটোতো জীৱনৰ এটা অংশ। এইটোৰ বাবেই আমাৰ আজি এই পৃথিৱীত অস্তিত্ব আছে।”

উল্লেখ্য যে, যোৱা বছৰ তামান্নাৰ ‘আজ কি ৰাত’ গীতটিয়ে অনুৰাগীসকলৰ মাজত তোলপাৰ লগাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...