কিছুমানে নিজকে সকলোৰে ‘বছ’ বুলি গণ্য কৰে, ভাৰতৰ উত্থানক তেওঁলোকে মানি ল’ব নোৱাৰে! ট্ৰাম্পৰ নাম নোলোৱাকৈ বাক্যবাণ ৰাজনাথ সিঙৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিক ‘মৃত’ বুলি কটাক্ষ কৰিছিল। এইবাৰ সেই মন্তব্যৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতিৰ দ্ৰুত উত্থানৰ কথা তুলি ধৰিছে। ইয়াৰ উপৰিও মোদীৰ মন্ত্ৰীসভাৰ প্ৰথম শাৰীৰ সদস্য তথা প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে নাম নোলোৱাকৈ ট্ৰাম্পক কটাক্ষ কৰিছে। ৰাজনাথৰ মতে, কিছুমানে নিজকে সকলোৰে ‘বছ’ বুলি ভাবে আৰু ভাৰতৰ দ্ৰুত উন্নতি তেওঁলোকে মানি ল’ব নোৱাৰে।

ৰাজনাথ সিঙৰ অভিযোগ, ভাৰতীয় পণ্য বিদেশত বিক্ৰী নহ’বলৈ কিছুমানে সেই চেষ্টা কৰি আছে। যদিও তেওঁ কাৰো নাম স্পষ্টকৈ নলৈছিল, তথাপি বহুতে ধাৰণা কৰিছে যে তেওঁৰ লক্ষ্য আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ বজাৰত ভাৰতীয় পণ্যৰ ওপৰত শুল্কৰ বিষয়ে দুয়োখন দেশৰ মাজত কূটনৈতিক পৰিস্থিতিৰ সৃষ্টি হৈছে। ট্ৰাম্পে ভাৰতীয় পণ্যৰ ওপৰত প্ৰথমে ২৫ শতাংশ আৰু পিছত ৫০ শতাংশ শুল্ক ধাৰ্য কৰিছে। নতুন দিল্লীৰ সৈতে ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্কৰ বাবেই ট্ৰাম্পৰ এই অসন্তুষ্টি। তেওঁ ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা সাময়িকভাৱে বন্ধ ৰখাৰো হুংকাৰ দিছে। এনে কূটনৈতিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ৰাজনাথ সিঙৰ এই মন্তব্যক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

দেওবাৰে মধ্যপ্ৰদেশৰ এটা কাৰ্যসূচীত ৰাজনাথে কয়, “কিছুমান মানুহ আছে, যিসকলে ভাৰতৰ দ্ৰুত উন্নতি দেখি সুখী হ’ব পৰা নাই। তেওঁলোকে এইটো পছন্দ কৰা নাই। তেওঁলোকে ভাবে, সকলোৰে ‘বছ’ মই, তেনেহ’লে ভাৰত কেনেকৈ এনেদৰে দ্ৰুতগতিত আগবাঢ়িছে? বহুতে চেষ্টা কৰিছে যাতে ভাৰতীয়ৰ হাতত তৈয়াৰী সামগ্ৰীৰ দাম তেওঁলোকৰ দেশৰ সামগ্ৰীতকৈ বেছি হয়। সেই সামগ্ৰীৰ দাম বাঢ়িলে বিশ্বৰ মানুহে সেইবোৰ কিনিবলৈ আগ্ৰহী নহ’ব। এই চেষ্টা চলি আছে। কিন্তু মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ক’ব পাৰো, কোনোৱে ভাৰতক বিশ্বৰ এখন শক্তিশালী দেশ হোৱাৰ পৰা ৰখাব নোৱাৰে।”

একেদিনাই বেংগালুৰুত আন এটা অনুষ্ঠানত মোদীয়ে ভাৰতৰ অৰ্থনীতিৰ দ্ৰুত উত্থানৰ বিষয়ে মন্তব্য কৰে। তেওঁ কয়, “আমি দ্ৰুতগতিত বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হিচাপে পৰিচিতি লাভৰ দিশে আগবাঢ়িছো। এই গতি আমাৰ সংস্কাৰ, কৰ্মদক্ষতা আৰু পৰিৱৰ্তনৰ চিন্তাৰ পৰা আহিছে। আমাৰ সুনিৰ্দিষ্ট লক্ষ্য আৰু সৎ প্ৰচেষ্টাৰ পৰা এই গতি লাভ কৰিছো।”

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তিৰ আলোচনাৰ মাজতে দ্বিপাক্ষিক চুক্তি হঠাতে ভাঙি পৰে। ট্ৰাম্পৰ দাবী, ভাৰতে ৰাছিয়াৰ পৰা তেল কিনি যি লাভ কৰিছে, সেই ধন ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধত ব্যৱহাৰ কৰিছে। তেওঁ ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতিক একে শাৰীত ৰাখি আক্ৰমণ কৰিছে। তেওঁৰ দাবী, ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি মৃত। শেহতীয়াকৈ তেওঁ বাৰম্বাৰ ভাৰতৰ প্ৰতি নিজৰ অসন্তোষ প্ৰকাশ কৰিছে। যদিও নতুন দিল্লীয়ে প্ৰথমৰে পৰা স্পষ্ট কৰি দিছে যে, দেশৰ স্বাৰ্থৰ সৈতে কোনো আপোচ কৰা নহ’ব।

ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্কৰ বিষয়েও নতুন দিল্লীয়ে নিজৰ অৱস্থান স্পষ্ট কৰিছে। ট্ৰাম্পৰ ভাৰতীয় পণ্যৰ ওপৰত শুল্ক ধাৰ্য কৰাৰ সিদ্ধান্তক মোদী চৰকাৰে অন্যায় আৰু অযুক্তিকৰ বুলি ব্যাখ্যা কৰিছে। আমেৰিকাৰো ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকাৰ কথা ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে স্পষ্ট কৰিছে। এটা বিবৃতিত বিদেশ মন্ত্ৰণালয়ে জনাইছে যে, আমেৰিকাই ৰাছিয়াৰ পৰা পাৰমাণৱিক শিল্পৰ বাবে প্ৰয়োজনীয় ইউৰেনিয়াম হেক্সাফ্ল’ৰাইড, পেলাডিয়াম, বিভিন্ন সাৰ আৰু ৰাসায়নিক ক্ৰয় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...