তিৰুৱনন্তপুৰম বিমানবন্দৰত ২৩ দিন ধৰি ৰখা হৈছিল ব্ৰিটিছ যুদ্ধ বিমান; ভাৰতীয় বিমানবন্দৰত পাৰ্কিঙৰ বাবে কিমান টকা পৰিশোধ কৰিবলগীয়া হৈছিল ব্ৰিটেইনৰ নৌবাহিনীয়ে?

এমাহৰো অধিক সময় ধৰি কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰত ৰৈ আছিল ব্ৰিটেইনৰ এফ-৩৫ যুদ্ধবিমান। যান্ত্ৰিক ত্ৰুটিৰ বাবে বিমানখন উৰিব পৰা নাছিল। কিন্তু তাৰ বাবে ব্ৰিটিছ ৰয়েল নেভিয়ে বিমানবন্দৰ কৰ্তৃপক্ষক ধন পৰিশোধ কৰিছে। সংবাদমাধ্যম চিএনবিচি-টিভি ১৮ৰ মতে, প্ৰতিদিনে বিমানবন্দৰ কৰ্তৃপক্ষক ২৬,২৬১ টকা দিছিল ব্ৰিটিছ জেটে।

১৪ জুনৰ পৰা তিৰুৱনন্তপুৰমৰ বিমানবন্দৰত ৰৈ আছিল ব্ৰিটিছ নৌসেনাৰ এফ-৩৫ যুদ্ধবিমান। ৬ জুলাইত মেৰামতিৰ বাবে বিমানখন বিমানবন্দৰৰ পৰা স্থানান্তৰ কৰা হয়। এই ২৩ দিনত ব্ৰিটিছ নৌবাহিনীয়ে বিমানবন্দৰত যুদ্ধবিমান ৰখাৰ বাবে মুঠ ৮.৬ লাখ টকা দিবলগীয়া হৈছিল।

৬ জুলাইত ব্ৰিটিছ নৌবাহিনীৰ ২৪ জনীয়া বিশেষজ্ঞৰ এটা দল তিৰুৱনন্তপুৰম বিমানবন্দৰত উপস্থিত হয়। তেওঁলোকৰ মাজত ১৪জন আছিল প্ৰযুক্তিবিদ আৰু ১০জন বিমানকৰ্মী। তেওঁলোকে যুদ্ধবিমানৰ সমস্যাসমূহ পৰীক্ষা কৰে। বিমানখন তাতে মেৰামতি কৰি উৰুওৱা সম্ভৱ নে অন্য বিমানৰ ভিতৰত ভৰাই ব্ৰিটেইনলৈ পঠোৱা হ’ব, সেইটো বিশেষজ্ঞ দলটোৱে পৰীক্ষা কৰে। যোৱা সপ্তাহত এজন ভাৰতীয় প্ৰশাসনিক বিষয়াক উদ্ধৃত কৰি সংবাদ সংস্থা এপিয়ে জনায় যে, অহা সপ্তাহৰ ভিতৰত বিমানখন মেৰামতি কৰি ব্ৰিটেইনলৈ পঠিওৱাৰ আশা কৰা হৈছে।

১৫ জুনত ইন্ধন কম থকাৰ বাবে কেৰালাত জৰুৰী অৱতৰণ কৰিছিল ব্ৰিটেইনৰ ৰয়েল নেভিৰ যুদ্ধবিমানখনে। অৱতৰণৰ পিছত যান্ত্ৰিক ত্ৰুটি ধৰা পৰে। ইতিপূৰ্বেও ব্ৰিটেইনৰ পৰা সামৰিক ইঞ্জিনিয়াৰৰ দল ভাৰতলৈ আহিছিল। কিন্তু যান্ত্ৰিক ত্ৰুটি মেৰামতি কৰা সম্ভৱ হোৱা নাছিল।

এফ-৩৫বি বিশ্বৰ অন্যতম দামী আৰু উন্নতমানৰ যুদ্ধবিমান। অতি সংকীৰ্ণ ঠাইৰ পৰাও ই উৰিব বা নামিব পাৰে। মাৰ্কিন সংস্থা ‘লকহিড মাৰ্টিন’য়ে এই বিমান নিৰ্মাণ কৰে। মূলতঃ আমেৰিকা, ব্ৰিটেইন আৰু নেটো বাহিনীৰ হাতত এই বিমান আছে। এই বিমানৰ পাৰ্কিঙৰ বাবেও ব্ৰিটেইনৰ নৌবাহিনীক বৃহৎ অংকৰ ধন পৰিশোধ কৰিবলগীয়া হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...