‘বেবীডল অৰ্চি’ৰ সকলো ভুৱা! প্ৰাক্তন প্ৰেমিকাক বদনাম কৰিবলৈ ৫ বছৰ ধৰি ষড়যন্ত্ৰ ৰচিছিল প্ৰতিমে…

ৰিল বনাই জনপ্ৰিয় হোৱাৰ পৰা আৰম্ভ কৰি ব’ল্ড ছবি-ভিডিঅ’ পোষ্ট, আমেৰিকাৰ পৰ্ণ জগতত যোগদানৰ খবৰ আৰু শেষত প্ৰাক্তন প্ৰেমিকক গ্ৰেপ্তাৰ— চৰ্চাত আছে অসমৰ ‘ইনফ্লুৱেন্সাৰ’ অৰ্চিতা ফুকনৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো।

অৰ্চিতা ফুকন প্ৰকৃততে কোনো ইনফ্লুৱেন্সাৰ নহয়। এগৰাকী সাধাৰণ মহিলা, যিয়ে কেইদিনমান আগলৈকে গমেই পোৱা নাছিল যে, তেওঁৰ নামত লাখ-লাখ ফ’লৱাৰ্ছ থকা এটা ইনষ্টাগ্ৰাম প্ৰ’ফাইল আছে। তেওঁক নেটজগতে ‘বেবীডল অৰ্চি’ নামেৰে চিনি পোৱাৰ কথাও জনা নাছিল।

অৰ্চিতাক লৈ সমগ্ৰ ঘটনাটোৱেই আছিল ভুৱা। তেওঁৰ প্ৰ’ফাইল, ছবি, ভিডিঅ’ৰ পৰা আমেৰিকাৰ পৰ্ণ ইণ্ডাষ্ট্ৰীত যোগদানৰ খবৰ— সকলোৱেই মিছা। ইণ্টাৰনেট জগতত সজা এখন মিথ্যাৰ জাল। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ডীপফেকৰ অপব্যৱহাৰৰ জ্বলন্ত উদাহৰণ।

কিন্তু অৰ্চিতাক ছ’চিয়েল মিডিয়াৰ সাহসী ইনফ্লুৱেন্সাৰ হিচাপে দেখুৱাবলৈ লোৱা পৰিকল্পনা এতিয়াৰ নহয়, পাঁচ বছৰ আগতেই ইয়াৰ বীজ ৰোপণ হৈছিল। প্ৰতিবেদন অনুসৰি, ২০২০ চনৰ আগষ্টত ‘বেবীডল অৰ্চি’ নামেৰে ইনষ্টাগ্ৰামত এটা প্ৰ’ফাইল খোলা হৈছিল।

তাৰ পিছত ২০২৫ চনৰ জুন মাহ। ছ’চিয়েল মিডিয়াত কেট লিনৰ ‘ডেম উন গ্ৰ’ গীতত ৰিল বনাইছিল অৰ্চিতাই। তাত দেখা গৈছিল, ‘ডেম উন গ্ৰ’ গীতত সাধাৰণ পোছাকৰ পৰা এটা আকৰ্ষণীয় শাৰী পিন্ধি ‘ট্ৰানজিচন’ ভিডিঅ’ বনাইছিল তেওঁ।

এই ৰিল ভাইৰেল হোৱাৰ পিছতেই নিশাৰ ভিতৰতেই নেটিজেনসকলৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে সেই ইনষ্টাগ্ৰাম প্ৰ’ফাইলটো। অৰ্চিতা কোন? দেশজুৰি আলোচনা আৰম্ভ হয়। ইনফ্লুৱেন্সাৰগৰাকীৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে নেটিজেনসকলে। ইনষ্টাগ্ৰামত তেওঁৰ ফ’লৱাৰৰ সংখ্যাও দ্ৰুতগতিত বাঢ়িবলৈ ধৰে। ২০২৫ চনৰ জুলাই মাহৰ আৰম্ভণিতে ইনষ্টাগ্ৰামত তেওঁৰ ফ’লৱাৰৰ সংখ্যাই ১৩ লাখৰ ঘৰ অতিক্ৰম কৰে।

ৰিল ভিডিঅ’ পোষ্ট কৰি জনপ্ৰিয় হোৱাৰ কেইদিনমানৰ পিছতেই ছ’চিয়েল মিডিয়াত আকৌ ঢৌ তুলিছিল প্ৰ’ফাইলটোৱে। একাউণ্টটোৰ পৰা আমেৰিকাৰ পৰ্ণ তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে এখন ছবি পোষ্ট কৰা হৈছিল অৰ্চিতাৰ।

আমেৰিকাৰ জনপ্ৰিয় পৰ্ণতাৰকাৰ সৈতে ছবি পোষ্ট কৰি একাউণ্টটোৰ পৰা লিখা হৈছিল, ‘‘প্ৰথমবাৰৰ বাবে কেন্দ্ৰাৰ সৈতে দেখা হোৱা এটা অবিস্মৰণীয় অভিজ্ঞতা আছিল। মই তেওঁৰ আত্মবিশ্বাস, পেছাদাৰী মনোভাৱ আৰু সফলতা দেখি অনুপ্ৰাণিত হৈছো। এনে এগৰাকী ব্যক্তিৰ সৈতে সাক্ষাৎ হোৱাত মই অতি সুখী। তেওঁৰ পৰা শিকাৰ সুযোগ পাই কৃতজ্ঞ।’’

ছবিখন পোষ্ট কৰাৰ লগে লগে ভাইৰেল হয়। বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে, আমেৰিকাৰ পৰ্ণ ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰিছে নেকি ইনফ্লুৱেন্সাৰগৰাকীয়ে?

তাৰ পিছতেই অৰ্চিতাৰ কেইবাটাও সাহসী ভিডিঅ’ প্ৰকাশ পায়। হৈ-চৈ আৰু বাঢ়ে। ফেচবুক, ইনষ্টাগ্ৰাম, এক্সৰ পৰা আৰম্ভ কৰি বিভিন্ন মিডিয়াত চৰ্চা আৰম্ভ হয় অৰ্চিতাৰ। ইনফ্লুৱেন্সাৰগৰাকীক লৈ মীমৰ বৰষুণ হয় ছ’চিয়েল মিডিয়াত।

কিন্তু তেতিয়ালৈকে সেই ইনষ্টাগ্ৰাম একাউণ্টৰ বাহিৰে অৰ্চিতাৰ অস্তিত্বৰ প্ৰমাণ আন ক’তো পোৱা হোৱা নাছিল। তাৰ মাজতেই প্ৰকাশ পায় এক ভয়ঙ্কৰ সত্য, যাৰ পিছত লুকাই আছিল এক গভীৰ ষড়যন্ত্ৰ।

ঘটনা সন্দৰ্ভত অসমৰ ডিব্ৰুগড় থানাত এটা অভিযোগ দাখিল কৰা হয়। অভিযোগ দাখিল কৰিছিল অৰ্চিতাৰ ককায়েকে। অৰ্থাৎ প্ৰকৃত অৰ্চিতাৰ ককায়েকে। সেই অৰ্চিতা, যাৰ মুখৰ ছবি ব্যৱহাৰ কৰি ইতিমধ্যে আকাশচুম্বী জনপ্ৰিয়তা লাভ কৰিছিল ‘বেবিডল অৰ্চি’য়ে।

কাৰণ, প্ৰকৃত অৰ্চিতা এগৰাকী সাধাৰণ ছোৱালী। ‘বেবিডল অৰ্চি’ প্ৰ’ফাইলটোৱে অতিমাত্ৰা আলোড়ন তুলিবলৈ আৰম্ভ কৰাৰ আগলৈকে তেওঁ সেই একাউণ্টটোৰ অস্তিত্বৰ বিষয়ে অজ্ঞাত আছিল।

অৰ্চিতাৰ ককায়েকে থানাত কৈছিল, ‘বেবিডল অৰ্চি’ৰ প্ৰ’ফাইলত থকা ছোৱালীজনীৰ লগত ভনীয়েকৰ মুখৰ মিল থকা সত্ত্বেও সেই প্ৰ’ফাইল তেওঁৰ ভনীয়েকৰ নহয়। অন্য কোনোৱে অৰ্চিতাৰ ছবি ব্যৱহাৰ কৰি এআইৰ সহায়ত ভুৱা প্ৰ’ফাইলটো সাজিছিল। বন্ধু-বান্ধৱ আৰু পৰিচিতসকলে সেই ভাইৰেল একাউণ্টটো দেখি তেওঁলোকৰ পৰিয়ালক কথাটো জনায়।

প্ৰকৃত অৰ্চিতাৰ ককায়েকৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। শনিবাৰে সন্ধিয়া অসমৰ ডিব্ৰুগড় জিলাত অৰ্চিতাৰ নামত একাউণ্ট তৈয়াৰ কৰি তাত ভুৱা বা এআই-সৃষ্ট ‘মৰ্ফ’ কৰা ছবি-ভিডিঅ’  আপলোড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এজন যুৱকক।

অভিযুক্তৰ নাম প্ৰতিম বৰা। পেছাত মেকানিকেল ইঞ্জিনিয়াৰ তিনিচুকীয়াৰ বাসিন্দা প্ৰতিম আছিল অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক। তেৱেই অৰ্চিতাৰ নামেৰে সেই ভুৱা একাউণ্টটো চলাইছিল। এআইৰ সহায়ত  প্ৰাক্তন প্ৰেমিকাৰ ছবি ব্যৱহাৰ কৰি সৃষ্টি কৰা আপত্তিকৰ ভিডিঅ’ আৰু ছবি পোষ্ট কৰিছিল প্ৰতিমে।

অভিযোগ অনুসৰি, পাঁচ বছৰ ধৰি অৰ্চিতাৰ নামৰ ভুৱা প্ৰ’ফাইলটো চলাইছিল প্ৰতিমে। নিয়মীয়াকৈ আপত্তিকৰ পোষ্টো কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰিছিল প্ৰতিমে। কিন্তু তেওঁৰ ফোন ট্ৰেক কৰি তেওঁক বিচাৰি উলিয়ায় আৰক্ষীয়ে।

অসমৰ চাইবাৰ ক্ৰাইম শাখাৰ বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, ‘‘আমি আইপি এড্ৰেছ ডাটা আৰু টেকনিকেল প্ৰমাণ ব্যৱহাৰ কৰি অভিযুক্তক বিচাৰি উলিয়াইছো। তিনিচুকীয়াৰ এটা ভাড়া ঘৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ ফোন আৰু লেপটপ বাজেয়াপ্ত কৰি ফৰেন্সিক পৰীক্ষাৰ বাবে পঠিওৱা হৈছে।’’

প্ৰতিমে এনে কাণ্ড কৰাৰ উদ্দেশ্য আছিল এটাই— প্ৰাক্তন প্ৰেমিকাৰ সন্মানহানি কৰা। তদন্তত পোৱা গৈছে, ‘বেবিডল অৰ্চি’ৰ সাহসী ছবি-ভিডিঅ’-ৰিল প্ৰস্তত কৰি যৌনকৰ্মী হিচাপে কাম কৰা কথা, পৰ্ণ তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে ছবি, ‘চাবস্ক্ৰিপচন’ মডেল— সকলোৱেই ভুৱা। অৰ্থাৎ, দেশজুৰি ইনফ্লুৱেন্সাৰগৰাকীক লৈ হোৱা আলোড়ন বৃথা। ফেক একাউণ্ট খুলি নেটিজেনসকলক পাঁচ বছৰ ধৰি প্ৰবঞ্চনা কৰি আহিছিল পেছাত ইঞ্জিনিয়াৰ প্ৰতিমে।

তদন্তত এইটোও পোহৰলৈ আহিছে যে, সেই ভুৱা প্ৰ’ফাইলৰ জৰিয়তে ভাল উপাৰ্জনো হৈছিল প্ৰতিমৰ। বিভিন্ন ৱেবছাইটত অৰ্চিতাৰ এআই-সৃষ্ট ভুৱা ভিডিঅ’ আৰু ছবি বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰিছিল তেওঁ।

আৰক্ষীয়ে জনোৱা অনুসৰি, জেৰাৰ সময়ত অপৰাধৰ কথা স্বীকাৰ কৰিছে প্ৰতিমে। তেওঁ কৈছে যে, অৰ্চিতাৰ পুৰণি ছবি সংগ্ৰহ কৰি বিকৃত কৰি ভুৱা একাউণ্টৰ পৰা পোষ্ট কৰিছিল তেওঁ।

অৰ্চিতাৰ সৈতে বিচ্ছেদৰ পিছত খং আৰু মানসিক হতাশাৰ বাবে তেওঁ এই কাণ্ড সংঘটিত কৰিছিল বুলিও স্বীকাৰ কৰিছে প্ৰতিমে। ভাৰতীয় দণ্ড সংহিতাৰ প্ৰাসংগিক ধাৰাৰ অধীনত প্ৰতিমৰ বিৰুদ্ধে এখন এফআইআৰ দাখিল কৰা হৈছে। তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।

‘বেবিডল অৰ্চি’ৰ আঁৰত থকা সত্য প্ৰকাশ পোৱাৰ পিছত উদ্বেগ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। মানুহক সাৱধান হ’বলৈ কোৱা হৈছে। বিশেষজ্ঞসকলৰ মতে, অৰ্চিতা ফুকনৰ লগত যি ঘটিছে, সেয়া যিকোনো ব্যক্তিৰ সৈতে হ’ব পাৰে।

বিশেষজ্ঞসকলে কৈছে, বিভিন্ন এআই টুল ইমান উন্নত হৈ পৰিছে যে, কোনটো প্ৰকৃত আৰু কোনটো নকল সেইটো বুজাটোও প্ৰায় অসম্ভৱ। যিকোনো লোকেই ইয়াৰ বলি হ’ব পাৰে। ইনষ্টাগ্ৰাম বা ফেচবুকৰ কেইখনমান ছবি পালেই ভুৱা প্ৰ’ফাইল সাজি উলিওৱাটো সহজ হৈ পৰিছে। এজন মানুহৰ অজ্ঞাতেই তেওঁৰ আপত্তিকৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুহূৰ্ততে বিয়পিব পাৰে।

সেয়েহে যেতিয়ালৈকে অধিক শক্তিশালী আইন আৰু সুৰক্ষা ব্যৱস্থা কাৰ্যকৰী নহয়, তেতিয়ালৈকে সচেতনতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে নেটিজেনসকলে। ব্যক্তিগত বিষয়বস্তু গোপনে ৰখাৰ উপদেশো দিছে তেওঁলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...