অসমত কি কি খাদ্যৰে আপ্যায়ন কৰা হ’ল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক?

’২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে তৃণমূল কৰ্মীক উৎসাহৰ প্ৰয়াস। আজি অসমত উপস্থিত হয় ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। জ্যেষ্ঠ নেতাকেইজনৰ আগমনত ব্যাপক ব্যস্ততা দেখা গ’ল প্ৰদেশ কংগ্ৰেছত। পুৱাই বিমান বন্দৰত উপস্থিত হয় গান্ধী আৰু খাৰ্গে। পৰৱৰ্তী সময়ত বিমান বন্দৰৰ পৰা ৰাওনা হয় হোটেল কিৰণশ্ৰী গ্ৰেণ্ডলৈ। কিৰণশ্ৰী হোটেলত অনুষ্ঠিত হয় জিলা কংগ্ৰেছৰ বিষয়া-কৰ্মীৰে প্ৰথমখন বৈঠক। ৰাজনৈতিক পৰিক্ৰমা কমিটীৰে বৈঠক সম্পন্ন ৰাহুল গান্ধী-খাৰ্গেৰ। জিলা কংগ্ৰেছৰ সভাপতি সকলৰ সৈতেও বৈঠক দুয়োজন নেতাৰ। APCCৰ অফিচ ব্যুৰ’ আৰু বিধায়ক সকলৰে আন এখন বৈঠক।
তাৰ পাছতে ছয়গাঁৱত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা।

অসমীয়া খাদ্য সম্ভাৰেৰে আপ্যায়ন

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক আজি সম্পূৰ্ণ অসমীয়া খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰা হয়। নেতা দুজনৰ দুপৰীয়াৰ আহাৰৰত আছিল তিতাবৰৰ জহা চাউলৰ ভাত আৰু থলুৱা সুস্বাদু ব্যঞ্জন। অমিতাৰ খাৰ, ঢেঁকীয়াৰ ভাজি, সৰু আলু ভাজি, আদা আৰু সৰিয়হৰ তেল মিশ্ৰিত অসমীয়া ছালাদ, মচুৰ দাইল, তিলেৰে ৰন্ধা মুৰ্গীৰ মাংসৰ জোল আৰু পাতত দিয়া আঁৰি মাছৰ সোৱাদ ল’লে তেওঁলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...