পাকিস্তানলৈ যাব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!

পাকিস্তানলৈ যাব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! আগন্তুক ছেপ্টেম্বৰত তেওঁ ইছলামাবাদত উপস্থিত হ’ব পাৰে। পাকিস্তানৰ দুটা সংবাদমাধ্যমে এই কথা প্ৰকাশ কৰিছে। সংবাদ সংস্থা ৰয়টাৰ্ছতো এই খবৰ প্ৰকাশিত হৈছে। যদিও এই ভ্ৰমণৰ বিষয়ে এতিয়ালৈকে চৰকাৰীভাৱে কোনো ঘোষণা কৰা হোৱা নাই।

ট্ৰাম্পে যদি পাকিস্তানলৈ যায়, তেন্তে প্ৰায় দুই দশকৰ পিছত এয়া হ’ব কোনো আমেৰিকান ৰাষ্ট্ৰপতিৰ প্ৰথম ইছলামাবাদ ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০০৬ চনত তৎকালীন আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশে পাকিস্তান ভ্ৰমণ কৰিছিল। ট্ৰাম্পৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে ইছলামাবাদে এতিয়ালৈকে প্ৰকাশ্যে কোনো মন্তব্য কৰা নাই। ৰয়টাৰ্ছে জনোৱা মতে, পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰক এই বিষয়ে প্ৰশ্ন কৰোতে তেওঁ কয় যে, তেওঁৰ হাতত এই বিষয়ে কোনো জাননী নাই। কিন্তু পাকিস্তানৰ এই সংবাদমাধ্যমসমূহে দাবী কৰিছে যে, ছেপ্টেম্বৰত ইছলামাবাদ ভ্ৰমণৰ পিছত ট্ৰাম্পে ভাৰতো ভ্ৰমণ কৰিব পাৰে।

শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘৰ্ষবিৰতিৰ বিষয়ে ট্ৰাম্পে বিভিন্ন মন্তব্য কৰিছে। তেওঁৰ দাবী, তেওঁ নিজেই ব্যৱসায়ৰ কথা কৈ দুই দেশৰ মাজৰ সংঘৰ্ষ বন্ধ কৰিছে। যদিও ভাৰতে বাৰে বাৰে স্পষ্ট কৰি দিছে যে, অপাৰেশ্যন সিন্দূৰ বা তাৰ পৰৱৰ্তী সংঘৰ্ষৰ সময়ত ৱাশ্বিংটন-নতুন দিল্লীৰ আলোচনাত কেতিয়াও বাণিজ্যৰ প্ৰসংগ উত্থাপিত হোৱা নাই। ভাৰতে বাৰম্বাৰ বুজাই দিছে যে, সংঘৰ্ষবিৰতিত কোনো তৃতীয় পক্ষৰ মধ্যস্থতা হোৱা নাই। কিন্তু ট্ৰাম্পেও নিজৰ অৱস্থানৰ পৰা পিছুওৱা নাই। ঘটনাক্ৰমে, ভাৰত-পাকিস্তান সংঘৰ্ষবিৰতিৰ পিছৰ সময়ত নোবেল শান্তি বঁটাৰ বাবে ইছলামাবাদে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম প্ৰস্তাৱ কৰিছিল।

ভাৰত-পাকিস্তান সংঘৰ্ষবিৰতিৰ বিষয়ে ট্ৰাম্পৰ দাবীক ইছলামাবাদে এটা দিশৰ পৰা সমৰ্থন কৰিছে। নোবেল শান্তি বঁটাৰ বাবে ট্ৰাম্পৰ নাম প্ৰস্তাৱৰ সময়ত পাকিস্তানৰ বিদেশ মন্ত্ৰনালয়ৰ পৰা এটা বিবৃতিত কোৱা হৈছিল, “ক্ৰমবৰ্দ্ধমান আঞ্চলিক অস্থিৰতাৰ মাজতো ট্ৰাম্পে অসাধাৰণ কূটনৈতিক দূৰদৰ্শিতাৰ পৰিচয় দিছে। কৌশলেৰে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত বুজাবুজি স্থাপন কৰিছে। পৰিস্থিতি খুব দ্ৰুতগতিত অৱনতিৰ দিশে গৈছিল। কিন্তু শেষত ট্ৰাম্পে দুই পৰমাণু শক্তিধৰ ৰাষ্ট্ৰৰ মাজত যুদ্ধবিৰতি নিশ্চিত কৰিছে। ইয়াৰ ফলত ডাঙৰ সংঘাত এৰাই চলা গৈছে। লাখ লাখ মানুহৰ বিপৰ্যয় ৰোধ কৰা গৈছে।”

ইয়াৰ উপৰিও, শেহতীয়াকৈ পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰ আমেৰিকাৰ পৰা ঘূৰি আহিছে। হোৱাইট হাউচত বহি তেওঁ ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈছিল। দুয়োজনে একেলগে মধ্যাহ্ন ভোজো গ্ৰহণ কৰিছিল। সেই বৈঠকৰ পিছত ট্ৰাম্পে জনায় যে, মুনিৰৰ সৈতে সাক্ষাৎ কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে। তেওঁ কৈছিল, “আজি মই ইয়াত থকাৰ কাৰণটো হ’ল মই তেওঁক (মুনিৰক) ধন্যবাদ জনাব বিচাৰো। কাৰণ, তেওঁ যুদ্ধলৈ নগৈ তাক বন্ধ কৰিলে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...