পদপিষ্ট কাণ্ডৰ বাবে কোহলীৰ ভিডিঅ’ই দায়ী! উচ্চ ন্যায়ালয়ত কৰ্ণাটক চৰকাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (RCB) ট্ৰফী জয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ভিৰত পদপিষ্ট হৈ ১১জনৰ মৃত্যু হৈছিল। এই ঘটনাৰ বাবে বিৰাট কোহলীৰ এটা ভিডিঅ’কেই দায়ী কৰিছে কৰ্ণাটক চৰকাৰে। হাইক’ৰ্টত তেওঁলোকৰ যুক্তি, কোহলীৰ সেই ভিডিঅ’ৰ বাবেই প্ৰচুৰ মানুহৰ সমাগম হৈছিল। ইয়াৰ সমান্তৰালকৈ, আৰক্ষী বিষয়াসকলে RCBৰ দাসৰ দৰে কাম কৰিছিল বুলিও তেওঁলোকে যুক্তি আগবঢ়াইছে।

হাইক’ৰ্টত দাখিল কৰা প্ৰতিবেদনত পদপিষ্ট হোৱাৰ ঘটনাৰ আঁৰত একাধিক কাৰণ উল্লেখ কৰিছে চৰকাৰে। তাৰ ভিতৰত আছে কোহলীৰ ভিডিঅ’ৰ কথা, য’ত তেওঁ সমৰ্থকসকলক অংশগ্ৰহণৰ আহ্বান জনাইছিল। লগতে, প্ৰতিযোগিতাৰ আয়োজক ডি এন এ এন্টাৰটেইনমেণ্ট, কৰ্ণাটক ৰাজ্য ক্ৰিকেট সংস্থা আৰু RCBৰ মাজত যোগাযোগৰ অভাৱকো দায়ী কৰা হৈছে। চৰকাৰৰ অভিযোগ, ষ্টেডিয়ামত প্ৰৱেশৰ গেট পলমকৈ খোলা হৈছিল, যাৰ ফলত ভিৰত পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল।

এই ঘটনাৰ পিছত কৰ্ণাটক চৰকাৰে আই পি এছ বিষয়া বিকাশ কুমাৰক নিলম্বন কৰিছিল। এডভ’কেট জেনেৰেল পি এছ ৰাজাগোপালৰ যুক্তি, আৰক্ষীয়ে সেইদিনা RCBৰ দাসৰ দৰে আচৰণ কৰিছিল। কোনে অনুমতি দিছিল সেয়া নজনোৱাকৈয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। এই কামত কমিশ্বনাৰো জড়িত আছিল।

ৰাজাগোপালৰ যুক্তি, চৰকাৰে তেতিয়ালৈকে অনুমতি দিয়া নাছিল, সেয়া আৰক্ষী বিষয়াসকলে পাহৰি গৈছিল। চৰকাৰৰ যুক্তিত আৰক্ষীৰ গাফিলতিৰ কথা উত্থাপন কৰা হৈছে। এডভ’কেট জেনেৰেলৰ দাবী, মানুহক সচেতন কৰাৰ ন্যূনতম প্ৰয়াসো দেখুওৱা হোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...