আজিৰে পৰা বৃদ্ধি হ’ল যাত্ৰীবাহী ৰে’লৰ ভাড়া

আজিৰে পৰা বৃদ্ধি হ’ল যাত্ৰীবাহী ৰে’লৰ ভাড়া। ৫০০ কিলোমিটাৰৰ অধিক দূৰত্বত বৃদ্ধি কৰা হৈছে ভাড়া। দ্বিতীয় শ্ৰেণীৰ দবাত যাত্ৰীৰ ভাড়া বৃদ্ধি কৰা হৈছে ৫ টকালৈকে। ৫০১ কিঃমিঃৰ পৰা ১৫০০ কিঃমিঃলৈকে প্ৰযোজ্য হ’ব এই ভাড়া। ১৫০১ কিঃমিঃৰ পৰা ২৫০০ কিঃমিঃলৈকে বৃদ্ধি হ’ব ১০ টকা। ২০৫১ কিঃমিঃৰ পৰা ৩০০০ কিঃমিঃলৈকে ভাৰা বৃদ্ধি হ’ব ১৫ টকাকৈ। বৃদ্ধি কৰা হৈছে শ্লিপাৰ ক্লাছ আৰু প্ৰথম শ্ৰেণীৰ ভাড়াও। প্ৰতি কিলোমিটাৰত ৫ পইচাকৈ বৃদ্ধি কৰা হৈছে যাত্ৰীৰ ভাড়া। মেইল,এক্সপ্ৰেছ ৰে’লত নন এচি ক্লাছতো প্ৰতি কিঃমিঃত ১ টকাকৈ ভাড়া বৃদ্ধি। দ্বিতীয় শ্ৰেণী, শ্লিপাৰ ক্লাছ, প্ৰথম শ্ৰেণীৰ দবাত প্ৰতি কিঃমিঃত বৃদ্ধি ১ পইচাকৈ। চেয়াৰ কাৰ, থ্ৰি টায়াৰ, ট্যু টায়াৰ, এচি ফাষ্ট ক্লাছত প্ৰতি কিঃমিঃত ২ পইচাকৈ ভাড়া বৃদ্ধি। ইপিনে বাণিজ্যিক LPG চিলিণ্ডাৰৰ দামো বৃদ্ধি কৰা হৈছে আজিৰে পৰা। ১৯ কিলোগ্ৰামৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৫৮.৫ টকাকৈ বৃদ্ধি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...