ৰ’নাল্ডোৰ নতুন চুক্তিত প্ৰতিদিনে ৫.৫ কোটি টকা উপাৰ্জন

বৃহস্পতিবাৰে ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ সৈতে আল নাছৰৰ দুই বছৰৰ নতুন চুক্তি সম্পন্ন হৈছে। তেওঁ ২০২৭ চনলৈকে ছৌদি আৰৱৰ লীগত খেলিব। তেওঁ প্ৰতি বছৰে ১৭ কোটি ৮০ লাখ পাউণ্ড পাৰিশ্ৰমিক পাব, যিটো ভাৰতীয় মূল্যত প্ৰায় ২,০০০ কোটি টকা।

বছৰি ২,০০০ কোটি টকাৰ পাৰিশ্ৰমিকৰ হিচাপত ৰ’নাল্ডোৱে প্ৰতিমাহে পাব ১৬৭ কোটি টকা, প্ৰতি সপ্তাহত প্ৰায় ৩৮ কোটি টকা, আৰু প্ৰতিদিনে প্ৰায় ৫ কোটি টকা। ঘণ্টাৰ হিচাপত তেওঁৰ ৰোজগাৰ ২৩ লাখ টকা, মিনিটত ৩৮ হাজাৰ টকা, আৰু প্ৰতি ছেকেণ্ডত ৬৩৬ টকা।

ইয়াতেই শেষ নহয়। তেওঁ বোনাছ হিচাপে প্ৰথম বছৰত ২৮৮ কোটি টকা আৰু দ্বিতীয় বছৰত ৪৪৭ কোটি টকা পাব। যদি আল নাছৰে ছৌদি লীগত চেম্পিয়ন হয়, তেন্তে ৰ’নাল্ডোৱে অতিৰিক্ত ৯৪ কোটি টকাৰ ব’নাছ পাব। এছিয়ান চেম্পিয়নছ লীগ জয় কৰিলে তেওঁ পাব ৭৬ কোটি টকা। সোণৰ বুট জয় কৰিলে পাব ৪৭ কোটি টকা। প্ৰতিটো গ’লৰ বাবে তেওঁ পাব ৯৪ লাখ টকা আৰু প্ৰতিটো অ্যাছিষ্টৰ (অন্যৰ গ’লৰ বাবে সহায়) বাবে ৪৭ লাখ টকা।

খেলপথাৰৰ বাহিৰতো ৰ’নাল্ডোৰ বাবে মোটা অংকৰ ধনৰ ব্যৱস্থা আছে। স্পনছৰশ্বিপৰ পৰা তেওঁ পাব ৭০৫ কোটি টকা। ব্যক্তিগত বিমানৰ যাতায়াতৰ খৰচ হিচাপে পাব ৪৭ কোটি টকা। ইয়াৰ উপৰি তেওঁৰ হাতত আছে আল নাছৰৰ ১৫ শতাংশ মালিকানা।

বৃহস্পতিবাৰে আল নাছৰে ৰ’নাল্ডোৰ সৈতে চুক্তিৰ কথা ঘোষণা কৰিছে। ক্লাবটোৱে পৰ্তুগীজ তাৰকাৰ এটা ভিডিঅ’ পোষ্ট কৰি লিখিছে, “কাহিনী চলি থাকিব।” ৰ’নাল্ডোৱে ছ’চিয়েল মিডিয়াত লিখিছে, “এটা নতুন অধ্যায় আৰম্ভ হ’ল। একেই আবেগ, একেই সপোন। একেলগে আমি ইতিহাস ৰচিম।”

পাঁচবাৰৰ চেম্পিয়নছ লীগ জয়ী ৰ’নাল্ডোৱে শেহতীয়াকৈ পৰ্তুগালৰ হৈ উয়েফা নেশ্যনছ লীগ জয় কৰিছে। ক্লাব আৰু দেশ মিলি তেওঁ মুঠ ২৮টা ডাঙৰ ট্ৰফী জয় কৰিছে। কিন্তু ইউৰোপত সফলতা লাভ কৰিলেও ছৌদি আৰৱত তেওঁ এতিয়ালৈকে উল্লেখযোগ্য প্ৰভাৱ পেলাব পৰা নাই। আল নাছৰৰ হৈ তেওঁ এতিয়ালৈকে কেৱল আৰৱ ক্লাব চেম্পিয়নছ কাপ জয় কৰিছে, যিটো দুবছৰ আগৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...