ড্ৰ’ন নিৰ্মাণৰ বাবে ভাৰতৰ সৈতে যৌথ উদ্যোগত আগ্ৰহী জাৰ্মানী, ফ্ৰান্স, ইটালী, স্পেইন

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ সৈতে যৌথভাৱে ইউৰ’ড্ৰ’ন উৎপাদনৰ প্ৰস্তাৱ আগবঢ়াইছে ইউৰোপীয় ৰাষ্ট্ৰগোষ্ঠীয়ে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এটা সূত্ৰৰ মতে, ডি আৰ ডি অ’ই ইতিমধ্যে এই প্ৰস্তাৱ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে।

জাৰ্মানী, ফ্ৰান্স, ইটালী আৰু স্পেইনৰ যৌথ উদ্যোগ ‘অৰ্গানাইজেশ্যন ফৰ জয়েণ্ট আৰ্মামেণ্ট কৰ্পোৰেশ্যন’ৰ দ্বাৰা নিৰ্মিত এই ড্ৰ’নৰ পেল’ড ক্ষমতা ২৩০০ কিলোগ্ৰাম। ই বৰষুণৰ দৰে বেয়া বতৰতো একেৰাহে ৪০ ঘণ্টা উৰিব পাৰে। বৰ্তমানৰ পৰিস্থিতিত ভাৰতীয় সেনাৰ অন্ততঃ ১০০টা ‘মেল ড্ৰ’ন’ (দুৰ্গম অঞ্চলত ব্যৱহাৰৰ বাবে উপযোগী পৰিবহণ ড্ৰ’ন)ৰ প্ৰয়োজন। এই চাহিদা পূৰণ কৰিব পাৰে ইউৰ’ড্ৰ’নে।

‘অপাৰেশ্যন সিন্দূৰ’য়ে স্পষ্ট কৰিছে যে ভৱিষ্যতৰ যুদ্ধ পৰিস্থিতিত ড্ৰ’নৰ ভূমিকা নিৰ্ণায়ক হ’ব পাৰে। শত্ৰুপক্ষৰ ওপৰত নজৰ ৰখা আৰু আক্ৰমণৰ ক্ষেত্ৰত পাইলটবিহীন যানৰ দক্ষতাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰো দৃষ্টি আকৰ্ষণ কৰিছে। এই পৰিস্থিতিত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে দ্ৰুতগতিত ড্ৰ’নৰ সংখ্যা বঢ়োৱাৰ কামত সক্ৰিয় হৈ পৰিছে। এই কামত অংশগ্ৰহণৰ বাবে আন্তৰ্জাতিক অস্ত্ৰ নিৰ্মাতা সংস্থাসমূহৰ সক্ৰিয়তাও বাঢ়িছে। শেহতীয়াকৈ আমেৰিকাৰ ড্ৰ’ন নিৰ্মাতা সংস্থা ‘জেনেৰেল কেটেলিষ্ট’ৰ পৰাও নতুন দিল্লীলৈ প্ৰস্তাৱ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...