মাজ আকাশত বিপত্তি! এয়াৰ ইণ্ডিয়াৰ লণ্ডনৰ পৰা মুম্বাই অভিমুখী বিমানত অসুস্থ যাত্ৰী

সোমবাৰে মুম্বাইলৈ উভতি অহাৰ পথত মাজ আকাশত, প্ৰায় ৩৫ হাজাৰ ফুট উচ্চতাত এয়াৰ ইণ্ডিয়াৰ বিমানত কমেও ১১গৰাকী যাত্ৰী আৰু বিমানকৰ্মী অসুস্থ হৈ পৰে। এয়াৰ ইণ্ডিয়াই এই ঘটনাৰ কথা স্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰিছে।

বিমান কৰ্তৃপক্ষৰ মতে, সোমবাৰে এয়াৰ ইণ্ডিয়াৰ এআই ১৩০ বিমানখনত এই ঘটনা সংঘটিত হয়। বোয়িং ৭৭৭ বিমানখন দুপৰীয়া লণ্ডনৰ হিথৰো বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। কিন্তু মাজ আকাশত হঠাৎ পাঁচজন যাত্ৰী অসুস্থ হৈ পৰে। লগতে ছয়জন বিমানকৰ্মীয়েও অসুস্থতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাজৰ এজনে জ্ঞান হেৰুৱাই পৰি যায়। বাকীসকলৰ মূৰ ঘূৰণি, শ্বাস-প্ৰশ্বাসৰ কষ্ট আৰু বমিৰ দৰে লক্ষণ দেখা দিয়ে। এই অৱস্থাতে কোনোমতে বিমানখন মুম্বাইত অৱতৰণ কৰে। অৱতৰণৰ পিছতেই চিকিৎসকৰ দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়। প্ৰাথমিক চিকিৎসাৰ পিছত সকলোকে মুকলি কৰি দিয়া হয়। জানিব পৰা অনুসৰি, যাত্ৰীসকল এতিয়া সুস্থ হৈছে।

যদিও এয়াৰ ইণ্ডিয়াই দাবী কৰিছে যে ১১জন নহয়, ৭জন অসুস্থ হৈছিল। তেওঁলোকে জনাইছে, বিমান উৰাৰ পিছত পাঁচজন যাত্ৰী আৰু দুজন বিমানকৰ্মীৰ মূৰ ঘূৰণি, বমিৰ ভাৱ আৰু শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হৈছিল। এই ঘটনাৰ কাৰণ জানিবলৈ এয়াৰ ইণ্ডিয়াই তদন্ত চলাইছে। প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে যে, খাদ্যত বিষক্ৰিয়াৰ ফলত বমি আৰু মূৰ ঘূৰণিৰ লক্ষণ দেখা দিব পাৰে। লগতে অক্সিজেনৰ অভাৱৰ বাবে হাইপক্সিয়া হ’ব পাৰে। ইয়াৰ উপৰিও, বিমানৰ কেবিনৰ চাপ কমিলে অক্সিজেনৰ মাত্ৰাও কমি যাব পাৰে। গোটেই ঘটনাটোৰ তদন্ত চলি আছে। যদি খাদ্যত বিষক্ৰিয়া হৈছে, তেন্তে কি খাদ্যৰ পৰা হৈছে, তাকো পৰীক্ষা কৰা হৈছে।

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...