ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে। কিন্তু ইৰাণৰ অৱস্থান এতিয়াও স্পষ্ট হোৱা নাই। সোমবাৰ মাজনিশাৰ পৰা মঙলবাৰ পুৱালৈকে (ভাৰতীয় সময় অনুসাৰে) ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে সামাজিক মাধ্যমত তিনিটা পোষ্ট কৰিছে। তৃতীয় পোষ্টত তেওঁ জনাইছে যে, যুদ্ধবিৰতি কাৰ্যকৰী হৈছে। ইয়াৰ পিছতেই ইজৰাইলে এক বিবৃতিত কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই ইজৰাইলে তেওঁৰ প্ৰস্তাৱ মানি পাৰস্পৰিক সংঘৰ্ষবিৰতিত সন্মত হৈছে।”

ইজৰাইলৰ বিবৃতিত কোৱা হৈছে, সোমবাৰে নিশা দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাৎজ, গুপ্তচৰ সংস্থা মোছাদৰ মুৰব্বীৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে এখন বৈঠক সম্পন্ন হয়। এই বৈঠকত নেতানিয়াহুৱে জনাইছে যে, ইৰাণৰ বিৰুদ্ধে অভিযানত ইজৰাইলে ‘সকলো লক্ষ্য’ পূৰণ কৰিবলৈ সক্ষম হৈছে।

বিবৃতিত নেতানিয়াহুৰ উদ্ধৃতি দি কোৱা হৈছে, “ইজৰাইলে দুটা অস্তিত্বগত বিপদ নষ্ট কৰিছে। এটা পৰমাণু অস্ত্ৰ সম্পৰ্কীয় আৰু আনটো বেলিষ্টিক ক্ষেপণাস্ত্ৰ সম্পৰ্কীয়।” ধাৰণা কৰা হৈছে, এই বক্তব্যৰ জৰিয়তে নেতানিয়াহুৱে বুজাব বিচাৰিছে যে, ইৰাণৰ বিৰুদ্ধে সামৰিক সংঘাতত ইজৰাইল জয়ী হৈছে আৰু ইৰাণৰ পৰমাণু সমৃদ্ধকৰণ কাৰ্যসূচীকো স্থগিত কৰিবলৈ সক্ষম হৈছে।

সোমবাৰ নিশা প্ৰায় তিনিবজাত (ভাৰতীয় সময় অনুসাৰে) ট্ৰাম্পে সামাজিক মাধ্যমত পোষ্ট কৰি ইৰাণ-ইজৰাইলৰ যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল। তেওঁ লিখিছিল, “এই যুদ্ধবিৰতিৰ সিদ্ধান্তত ইৰাণ আৰু ইজৰাইল দুয়োখন দেশে সন্মত হৈছে।” ট্ৰাম্পৰ দাবী আছিল, ইৰাণ-ইজৰাইলৰ ১২ দিনীয়া যুদ্ধ নৰখা হ’লে পশ্চিম এছিয়াত এই সংঘাত বহু বছৰ ধৰি চলি থাকিল হয়। কিন্তু ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাগচিয়ে ট্ৰাম্পৰ এই দাবী খাৰিজ কৰি জনাইছে যে, যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধৰ বিষয়ে কোনো বুজাবুজি হোৱা নাই। তথাপিও তেহৰানে জনাইছে, স্থানীয় সময় অনুসাৰে পুৱা চাৰিটাৰ (ভাৰতীয় সময় পুৱা ছয়টা) পিছত ইজৰাইলে আক্ৰমণ বন্ধ কৰিলে ইৰাণেও নতুনকৈ সংঘৰ্ষত লিপ্ত হ’ব নিবিচাৰে।

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...