এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ আহি আছিল। সেই সময়তে বিমানত বোমাতংক বিয়পি পৰে। তৎক্ষণাত পাইলটে জৰুৰী অৱতৰণৰ বাবে বাৰ্তা প্ৰেৰণ কৰে। তাৰ পিছত বিমানখনক চৌদিৰ ৰাজধানী ৰিয়াধত নিৰাপদে অৱতৰণ কৰাই পৰীক্ষা-নিৰীক্ষা চলোৱা হয়।

সংবাদ সংস্থা এএনআইক বিমান সংস্থাৰ এজন মুখপাত্ৰই জনাইছে, শুকুৰবাৰে এয়াৰ ইণ্ডিয়াৰ এআই ১১৪ বিমানখন বাৰ্মিংহামৰ পৰা দিল্লীৰ উদ্দেশ্যে ৰাওনা হয়। বিমানখন মাজআকাশত থকাৰ সময়ত বোমাতংক বিয়পি পৰে। তাৰ পিছত বিমানখন ৰিয়াধলৈ নিয়া হয়। তাত বিমানখনক নিৰাপদে অৱতৰণ কৰোৱা হয়।

ইয়াৰ পূৰ্বে বিগত ১৩ জুনত, অৰ্থাৎ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছৰ দিনাই, থাইলেণ্ডৰ পৰা দিল্লীলৈ অহা বিমানত বোমাতংক বিয়পে। তাৰ পিছত বিমানখনক থাইলেণ্ডত অৱতৰণ কৰোৱা হয়। যদিও বিমানত কোনো সন্দেহজনক বস্তু পোৱা নগ’ল।

শুকুৰবাৰে এয়াৰ ইণ্ডিয়াই কেইবাটাও আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক উৰণ বাতিল কৰিছিল। উৰণবোৰ কিয় বাতিল কৰা হৈছিল, তাৰ ব্যাখ্যাও দিছে বিমান সংস্থাই। তেওঁলোকৰ তৰফৰ পৰা জনোৱা হৈছে, চোৱাচিতা আৰু বেয়া বতৰৰ কাৰণে কেইবাটাও আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক উৰণ বাতিল কৰা হৈছে।

চোৱাচিতাৰ বাবে ডুবাইৰ পৰা চেন্নাইলৈ অহা এআই ৯০৬, দিল্লীৰ পৰা মেলব’ৰ্নলৈ অহা এআই ৩০৮, মেলব’ৰ্নৰ পৰা দিল্লীলৈ অহা এআই ৩০৯, ডুবাইৰ পৰা হায়দৰাবাদলৈ অহা এআই ২২০৪ উৰণ বাতিল কৰা হৈছিল। ইয়াৰ উপৰিও পুণেৰ পৰা দিল্লীলৈ অহা এআই ৮৭৪, আহমেদাবাদৰ পৰা দিল্লীলৈ অহা এআই ৪৫৬, হায়দৰাবাদৰ পৰা মুম্বাইলৈ অহা এআই ২৮৭২ আৰু চেন্নাইৰ পৰা মুম্বাইলৈ অহা এআই ৫৭১ উৰণবোৰো বাতিল কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

“মোদীজীৰ সৈতে আগবাঢ়ক”—প্ৰণৱ মুখাৰ্জীয়ে বিজেপিত যোগদানৰ পৰামৰ্শ দিছিল বুলি দাবী শুভেন্দু অধিকাৰীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে...

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বাবে ১২খন ছবি নাকচ কৰিছিল এ আৰ ৰহমানে! প্ৰায় তিনিবছৰ ধৰি চলিছিল সংগীতৰ কাম

ৰণবীৰ কাপুৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰামায়ণ’ৰ সংগীতক লৈ...

অস্কাৰৰ দৌৰত ভাৰতৰ ‘ৰামায়ণ’, শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে নীতেশ...

৭৫ বছৰত ভৰি দিলে চীন-পাকিস্তানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই; প্ৰতিৰক্ষা, বাণিজ্যৰ পৰা মহাকাশলৈকে বিস্তৃত দুই দেশৰ কৌশলগত সহযোগিতা

প্ৰতিৰক্ষা, বাণিজ্য, আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সহযোগিতাৰে চীন...