ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণত সুখী ইজৰাইল

ইৰাণত আমেৰিকাৰ আক্ৰমণত উৎফুল্লিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনাই তেওঁৰ সুৰতেই তেওঁ ‘শান্তিৰ’ বাৰ্তা দিছে। কৈছে, “শক্তিৰ জৰিয়তেই শান্তি আহে!” ইৰাণৰ পৰমাণু কেন্দ্ৰক লক্ষ্য কৰা ট্ৰাম্পৰ এটা শক্তিশালী সিদ্ধান্ত বুলি মন্তব্য কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। একেসময়তে ইৰাণৰ বিৰুদ্ধে ‘যুদ্ধ’ চলাই যোৱাৰ হুংকাৰো দিছে তেওঁ।

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময়) ইৰাণ-ইজৰাইল সংঘাতত প্ৰত্যক্ষভাৱে যোগ দিছে আমেৰিকাই। ট্ৰাম্পে নিজেই জনাইছে, তেওঁৰ দেশৰ সেনাবাহিনীয়ে ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাইছে। সেই আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে তেওঁৰ বন্ধু নেতানিয়াহুৱে। ট্ৰাম্পক অভিনন্দন জনাই তেওঁ ভিডিঅ’ বাৰ্তাৰে আৰম্ভ কৰে। পিছত ক্ৰমান্বয়ে উত্থাপিত হয় ইজৰাইল-আমেৰিকাৰ বন্ধুত্বৰ কথা, ইৰাণত ইজৰাইলী আক্ৰমণৰ প্ৰসংগও।

ট্ৰাম্পক উদ্দেশ্যি নেতানিয়াহুৱে কয়, “ইৰাণৰ পৰমাণু কেন্দ্ৰক লক্ষ্য কৰাৰ দৰে আপোনাৰ এই সিদ্ধান্তই ইতিহাস সলনি কৰিব!” ইজৰাইলৰ প্ৰধানমন্ত্ৰীজনৰ মতে, শান্তি এনেই আহিব নোৱাৰে। তাৰ বাবে শক্তিৰ প্ৰয়োগ অতি জৰুৰী। ট্ৰাম্প আৰু তেওঁ একে ধাৰাত চিন্তা কৰে বুলিও ব্যাখ্যা কৰিছে নেতানিয়াহুৱে। তেওঁ কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মই প্ৰায়ে কওঁ, শক্তিৰ জৰিয়তে শান্তি আহে। প্ৰথমে শক্তিৰ প্ৰয়োগৰ প্ৰয়োজন, তাৰ পিছতহে শান্তি আহে। ট্ৰাম্প আৰু আমেৰিকাৰ সেনাবাহিনীয়ে শক্তি প্ৰদৰ্শন কৰিছে।”

ইৰাণৰ বিৰুদ্ধে ইজৰাইলে ‘অপাৰেশ্যন ৰাইজিং লায়ন’ আৰম্ভ কৰিছে। নেতানিয়াহুৰ মতে, এই অভিযান অতি ভালদৰে চলি আছে। কিন্তু আমেৰিকাই যি কৰিছে, তাৰ তুলনা নাই। অন্য দেশে যি দেখুৱাব নোৱাৰিছিল, আমেৰিকাই তাক দেখুৱাইছে। ইতিহাসে ট্ৰাম্পক মনত ৰাখিব। বিশ্বৰ আটাইতকৈ বিপদজনক শাসনব্যৱস্থাৰ বিৰুদ্ধে তেওঁ কাম কৰিছে। তাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয়, “ঈশ্বৰে আমাৰ (ইজৰাইল আৰু আমেৰিকাৰ) মৈত্ৰীক অটুট ৰাখক।”

শেষত নেতানিয়াহুৱে জনাইছে, ইৰাণৰ পৰমাণু কাৰ্যসূচী আৰু বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ অস্ত্ৰাগাৰৰ ‘অস্তিত্বগত ভাবুকি’ নিৰ্মূল কৰাৰ বাবে ইজৰাইলৰ সামৰিক অভিযান অব্যাহত থাকিব। তেওঁৰ কথাত, “যিমান দিন লাগে, সিমান দিন যুদ্ধ চলিব!”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...