গেম ভিলেজৰ হোমষ্টেত নিশা চলিছিল নেকি অনৈতিক কাৰ্যকলাপ? ঘটনা সন্দৰ্ভত আটকাধীন যুৱককেইজনে খুলিছে মুখ

হোমষ্টেৰ নামত গুৱাহাটীত চলিছে কি? নিশা গুৱাহাটীৰ গেম ভিলেজত বশিষ্ঠ আৰক্ষীৰ অভিযান। অভিযানত এটা হোমষ্টেৰ পৰা অসংযত অৱস্থাত উদ্ধাৰ ১১ যুৱক-যুৱতীক। A-15 ব্লকৰ ৪নং ফ্লেটত চলি আছিল অনৈতিক কাৰ্য-কলাপ। প্ৰতিবেশীয়ে দিয়া অভিযোগৰ ভিত্তিত অভিযান চলিছিল আৰক্ষীৰ। দীৰ্ঘদিন ধৰি হোমষ্টেটোত অনৈতিক কাৰ্যকলাপ চলি থকাৰো অভিযোগ উত্থাপন কৰিছে একাংশই। অতিষ্ঠ হৈ প্ৰতিবেশীয়ে অৱশেষত অভিযোগ দিছিল আৰক্ষীক। গেম ভিলেজৰ হোমষ্টেটোত নিশা চলে আৰক্ষীৰ অভিযান। বৰ্তমান বশিষ্ঠ থানত ৰখা হৈছে যুৱককেইজনক। যুৱতীকেইগৰাকীক জালুকবাৰীৰ এটা গৃহত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

আনফালে ঘটনাৰ পিছতেই মুখ খুলিছে আটকাধীন যুৱককেইজনে। আজি পুৱাৰ ভাগত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমত যুৱককেইজনে কৰে কেতবোৰ মন্তব্য। তেওঁলোকে কয় যে, ‘আমি একো কৰা নাছিলো, আমি বহিহে আছিলো…’ লগতে আন কেতবোৰো মন্তব্য কৰে যুৱককেইজনে। কি কি ক’লে তেওঁলোকে? সবিশেষ চাওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...