বানাক্ৰান্ত অঞ্চলত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে ৰোগ নিয়ন্ত্ৰণৰ বাবে তৎপৰতা অৱলম্বন কৰিবলৈ স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশ

স্বাস্থ্য বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে প্ৰসূতি, শিশু আৰু জৰুৰী স্বাস্থ্যসেৱা প্ৰদানৰ বাবে একোটাকৈ “ফাষ্ট ৰেফাৰেল ইউনিট” (এফ আৰ ইউ) কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ মন্ত্ৰী সিংহলৰ

স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে। বিভাগৰ আয়ুক্ত-সচিব পি অশোক বাবু আৰু বৰ্ণালী শৰ্মা, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত-সচিব ডঃ সিদ্ধাৰ্থ সিং, স্বাস্থ্যসেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংছ’, স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ)ৰ সঞ্চালক কমলজিত তালুকদাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডঃ মনোজ চৌধুৰী প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে ভাগ লোৱা এই বৈঠকত মন্ত্ৰী সিংহলে মূলতঃ বিভাগৰ বিভিন্ন কাম-কাজ, আঁ‌চনি ৰূপায়ণ, আন্তঃগাঁ‌থনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয়। আজিৰ এই বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চলিত বানপানীৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্য বিভাগে আগবঢ়াই থকা স্বাস্থ্যসেৱাৰো পৰ্যালোচনা কৰে। বান আশ্ৰয় শিবিৰসমূহত বানাক্ৰান্তক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ আদি বিতৰণৰ কাম যুদ্ধকালীন গতিত অব্যাহত ৰাখিবলৈ তথা বানপানী আৰু বেমাৰৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় ঔষধ, চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী তথা স্বাস্থ্য বিভাগক সম্পূৰ্ণ সষ্টম হৈ থাকিবলৈ মন্ত্ৰী সিংহলে নিৰ্দেশ দিয়ে। ইপিনে, বানৰ সমান্তৰালভাৱে তথা বানপানী শুকোৱাৰ পাচত বানাক্ৰান্ত অঞ্চলত বৃদ্ধি পোৱা বিভিন্ন ৰোগৰ নিয়ন্ত্ৰণৰ বাবেও তৎপৰতা অৱলম্বন কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভাৰত-ভুটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে বিভাগে হাতত লোৱা পদক্ষেপ সন্দৰ্ভতো বিশেষভাৱে আলোচনা কৰা হয়।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি স্বাস্থ্যমন্ত্ৰী সিংহলে কেইটামান বিশেষ বিষয়ক অগ্ৰাধিকাৰৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰি সেইক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে মূলতঃ প্ৰসূতি, শিশু আৰু জৰুৰী স্বাস্থ্যসেৱা প্ৰদানৰ বাবে একোটাকৈ “ফাষ্ট ৰেফাৰেল ইউনিট” (এফ আৰ ইউ) কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে “ফিট ইণ্ডিয়া” কাৰ্যসূচীৰ অনুকৰণেৰে ৰাজ্যৰ প্ৰতিটো আয়ুস্মান আৰোগ্য মন্দিৰতে নিয়মীয়াকৈ যোগ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ আৰু এইক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ আৰু জড়িত কৰিবলৈ তেওঁ আয়ুষ, অসমৰ সঞ্চালকক নিৰ্দেশ দিয়ে। স্বাস্থ্য বিভাগৰ প্ৰশাসনিক আৰু তথ্য ব্যৱস্থাৰ কাম-কাজ সম্পূৰ্ণৰূপে ডিজিটাইজড কৰিবলৈ তথা ৰাজ্যৰ প্ৰতিখন চিকিসালয়তে অত্যাৱশ্যকীয় ঔষধ মজুত থকাটো সুনিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। চিকিৎসক, নাৰ্ছ, আশাকৰ্মীসকলৰ লগতে প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীৰ বাবে নিয়মীয়াকৈ প্ৰশিক্ষণ আৰু ব্যক্তিত্ব বিকাশ কাৰ্যসূচীৰ ব্যৱস্থা কৰিবলৈও তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে। আজিৰ বৈঠকত ৰাজ্যৰ বিভিন্ন ব্লাড বেংকৰ শেহতীয়া স্থিতি, আয়ুস্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা আয়ুস্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণৰ সবিশেষ, শেহতীয়া ক’ভিড সংক্ৰমণৰ বাবে ল’বলগীয়া সাৱধানতা আদি সন্দৰ্ভতো আলোচনা কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...