দেশৰ শ্বেয়াৰ বজাৰত আৰছাদ ৱাৰ্ছিক নিষিদ্ধ

প্ৰায় ৩ দশক ধৰি চিনেমা জগতৰ সৈতে জড়িত আৰছাদ ৱাৰ্ছি। বিতৰ্কৰ পৰা নিজকে সদায় দূৰত্বত ৰখাৰ চেষ্টা কৰে তেওঁ। কিন্তু এই অভিনেতাৰ নাম এতিয়া ভাৰতৰ শ্বেয়াৰ বজাৰত অবৈধ লেনদেনৰ অভিযোগত জড়িত হৈ পৰিছে। শ্বেয়াৰ কিনা-বেচাৰ অবৈধ কাৰ্যকলাপৰ অভিযোগত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (SEBI)য়ে আৰছাদ ৱাৰ্ছি আৰু তেওঁৰ পত্নী মাৰিয়া গৰেটীৰ ওপৰত শ্বেয়াৰ বজাৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞাৰ উপৰি তেওঁলোকৰ ওপৰত ৫ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে। লগতে, ১.০৫ কোটি টকাৰ অবৈধ লাভৰ অংশ ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

২০১৬ চনৰ পৰা দুটা ইউটিউব চেনেলত শ্বেয়াৰ বজাৰ সম্পৰ্কীয় ভিডিঅ’ পোষ্ট কৰা হৈছিল। এটা টেলিভিছন চেনেলৰ শ্বেয়াৰৰ মূল্য বাঢ়িব পাৰে বুলি এই চেনেল দুটাৰ তৰফৰ পৰা প্ৰচাৰ কৰা হৈছিল। পিছত এই টেলিভিছন চেনেলৰ শ্বেয়াৰৰ কিনা-বেচা হঠাৎ বাঢ়ি যোৱাত ছেবি (SEBI)ৰ দৃষ্টি গোচৰ হয়। ছেবি (SEBI)য়ে লক্ষ্য কৰে যে এই চেনেলৰ শ্বেয়াৰৰ মূল্য অবৈধভাৱে বঢ়োৱা হৈছিল। এই অবৈধ কাৰ্যৰ জৰিয়তে মুঠ ৪১.৮৫ কোটি টকা উপাৰ্জন কৰা হৈছিল। এই ঘটনাত ৩১ জনৰ নাম জড়িত হৈ পৰে, তাৰ ভিতৰত আছিল আৰছাদ ৱাৰ্ছি আৰু তেওঁৰ পত্নী। ছেবিয়ে নিৰ্দেশ দিছে যে আগন্তুক ১৫ দিনৰ ভিতৰত এই ৪১.৮৫ কোটি টকা ৩১জনে জমা কৰিব লাগিব। যদিও অভিনেতাগৰাকীয়ে দাবী কৰিছে যে শ্বেয়াৰ বজাৰ সম্পৰ্কে তেওঁৰ বিশেষ জ্ঞান নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...