চোৰাংচোৱাগিৰিৰ সন্দেহত গ্ৰেপ্তাৰ ৰাজস্থানৰ কংগ্ৰেছ নেতাৰ প্ৰাক্তন সহায়ক

পাকিস্তানৰ হৈ গুপ্তচৰবৃত্তিৰ অভিযোগত এইবাৰ ৰাজস্থানৰ এজন চৰকাৰী কৰ্মচাৰী তথা প্ৰবীণ কংগ্ৰেছ নেতাৰ প্ৰাক্তন সহকাৰীক আটক কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, ধৃত ব্যক্তিজনৰ নাম ছাকুৰ খান মাংগালিয়া। জৈছলমেৰৰ এটা চৰকাৰী বিভাগৰ কাৰ্যালয়ৰ পৰা ছাকুৰক আটক কৰা হৈছে।

তদন্তকাৰীৰ সূত্ৰত খবৰ, জৈছলমেৰ জিলাৰ বাসিন্দা ছাকুৰ বৰ্তমান ৰাজ্যৰ কৰ্মসংস্থান বিভাগত কৰ্মৰত। প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে যে তেওঁ বিভিন্ন সন্দেহজনক কাৰ্যকলাপৰ সৈতে জড়িত। পাকিস্তানী দূতাবাসৰ এজন বিষয়াৰ সৈতে তেওঁৰ ঘনিষ্ঠ যোগাযোগ আছিল বুলি অভিযোগ উত্থাপিত হৈছে। লগতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতেও তেওঁৰ যোগাযোগ আছিল। গোপন সূত্ৰৰ পৰা এনে তথ্য লাভৰ পিছত চোৰাংচোৱা সংস্থাসমূহে ছাকুৰৰ গতিবিধিৰ ওপৰত কাঢ়া নজৰ ৰাখিছিল। শেষত বৃহস্পতিবাৰে তেওঁক আটক কৰা হয়।

পুলিচ অধীক্ষক সুধীৰ চৌধুৰীয়ে কৈছে, “বিভিন্ন সন্দেহজনক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ বিষয়ে সদৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি তেওঁক আটক কৰিছো। ছাকুৰক জেৰা কৰা হৈছে।” সূত্ৰৰ খবৰ, চোৰাংচোৱাৰ দলে ছাকুৰৰ মোবাইলত একাধিক পাকিস্তানী ফোন নম্বৰ পাইছে। জেৰাৰ সময়ত তেওঁ অতীতত কেইবাবাৰো পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰিছে। তথাপি তেওঁৰ মোবাইলত এতিয়ালৈকে কোনো সামৰিক বা নিৰাপত্তা সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য বা ভিডিঅ’ পোৱা নাই। কিন্তু তদন্তকাৰীসকলৰ দাবী, তেওঁৰ মোবাইলৰ পৰা বহুতো ছবি আৰু ভিডিঅ’ মচি পেলোৱা হৈছে। তদন্তৰ স্বাৰ্থত তেওঁৰ ফোনটো বাজেয়াপ্ত কৰা হৈছে। ছাকুৰৰ দুটা বেংক একাউণ্টৰ সকলো আৰ্থিক তথ্যও চোৰাংচোৱা সংস্থাসমূহে পৰীক্ষা কৰি আছে।

উল্লেখ্য, ছাকুৰে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্বালে মহম্মদৰ ব্যক্তিগত সহকাৰী হিচাপে কাম কৰিছিল। শ্বালে আৰু ছাকুৰ একেখন গাঁৱৰ বাসিন্দা। যোৱা কিছু দিন ধৰি চোৰাংচোৱা সংস্থাসমূহে তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল। শেষত তেওঁক আটক কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...