পদত্যাগ নকৰে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। শনিবাৰে সন্ধিয়া এই কথা নিশ্চিত কৰে ইউনুছৰ উপদেষ্টাই। দেশৰ ৰাজনীতি আৰু সামৰিক বাহিনীৰ হেঁচাৰ সন্মুখীন হৈ মহম্মদ ইউনুছে পদত্যাগ কৰিবলৈ সাজু হোৱা বুলি চৰ্চা হোৱাৰ পিছতে অন্তৰ্ৱৰ্তী চৰকাৰৰ এক জৰুৰী বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে ইউনুছে। বৈঠকৰ পিছত তেওঁৰ উপদেষ্টাই প্ৰকাশ কৰা মতে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ কাম-কাজ পূৰ্বৰ দৰে চলাই যাব মহম্মদ ইউনুছে। ইউনুছৰ লগতে চৰকাৰৰ আন সহযোগী তথা উপদেষ্টাসকলেও বৰ্তমানৰ দৰেই কামকাজ অব্যাহত ৰাখিব। দেশৰ জনসাধাৰণে অৰ্পণ কৰা দায়িত্ব পূৰ্বৰ দৰে পালন কৰি যাব বুলি মহম্মদ ইউনুছৰ লগতে তেওঁৰ সহযোগী সকলেও প্ৰকাশ কৰে। অন্তৰ্ৱৰ্তী চৰকাৰক লৈ যোৱা কিছুদিন ধৰি বিৰোধী দলৰ লগতে সাধাৰণ নাগৰিকেও অসন্তুষ্টি প্ৰকাশ কৰি অহাত দেশত পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। ইয়াৰ সমান্তৰালভাৱে বাংলাদেশৰ সেনা বাহিনীয়েও মহম্মদ ইউনুছ বিৰোধী স্থিতি গ্ৰহণ কৰাত পৰিস্থিত ক্ৰমাৎ উত্তপ্ত হৈ পৰা উপক্ৰম হৈছে। বাংলাদেশত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাই বিৰোধী দলসমূহে অন্তৰ্ৱৰ্তী চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ লগতে সামৰিক বাহিনীয়েও গ্ৰহণ কৰিছে ইউনুছ বিৰোধী স্থিতি। উল্লেখ্য যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ শনিবাৰে সন্ধিয়া মহম্মদ ইউনুছে বাংলাদেশ নেচনেলিষ্ট পাৰ্টী আৰু জামাত-ই–ইছলামিৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছিল। এই বৈঠকৰ পিছতে মহম্মদ ইউনুছে অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী পদৰ পৰা অব্যাহতি ঘোষণাৰ সম্ভাৱনা আছিল যদিও বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে পৰিষদৰ সৈতে আন এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি পদত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইউনুছে। ইউনুছৰ এনে আকোঁৰগোজ স্থিতিক লৈ বাংলাদেশৰ পৰিস্থিতি পুনৰ উত্তপ্ত হোৱাৰ উপক্ৰম হৈছে। ইপিনে, ক্ষমতাচ্যুৎ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অভিযোগ কৰা মতে, সন্ত্ৰাসবাদীৰ সহযোগত বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা মহম্মদ ইউনুছৰ বাংলাদেশক আমেৰিকাৰ ওচৰত বিক্ৰী কৰাৰ প্ৰস্তুতি চলাইছে।
