ৰোগীক ঔষধ দিব AI চিকিৎসকে…মুকলি হ’ল বিশ্বৰ প্ৰথমখন AI পৰিচালিত স্বাস্থ্য কেন্দ্ৰ

হাস্পতালৰ ৱাৰ্ডত ৰোগীৰ বিচনালৈ যন্ত্ৰমানৱী নাৰ্চে ঔষধ লৈ গৈছে। জাপানত এনে দৃশ্য ইতিমধ্যে দেখা গৈছে। ভাৰ্জিনিয়াৰ এটা সংস্থাই এনে এটা ৰবট নিৰ্মাণ কৰিছে, যিয়ে ফাৰ্মাচী, গৱেষণা আৰু নাৰ্চৰ কাম একেলগে কৰিব পাৰে। কিছুদিন পূৰ্বে খবৰ প্ৰকাশ পাইছিল যে, চীনে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা পৰিচালিত হাস্পতাল মুকলি কৰিছে, য’ত AI-চালিত টেলিমেডিচিন সেৱা উপলব্ধ। কিন্তু ছৌদি আৰবে প্ৰথমবাৰৰ বাবে এনে এখন ক্লিনিক মুকলি কৰিছে, য’ত AI চিকিৎসকে ৰোগীৰ পৰীক্ষা কৰিব, প্ৰেছক্ৰিপশ্যন লিখিব আৰু চিকিৎসা পদ্ধতিৰ বিষয়েও ক’ব।

চীনৰ মেডিকেল টেকন’লজি কোম্পানী আৰু ছৌদিৰ আলমোছা হেল্থ গ্ৰুপৰ যৌথ উদ্যোগত এই নতুন স্বাস্থ্যকেন্দ্ৰ মুকলি কৰা হৈছে। তাত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত চিকিৎসক ‘হুৱা’ই ৰোগীৰ পৰীক্ষা কৰি ঔষধ প্ৰদান কৰিব। ৰোগীৰ সমস্যা শুনি ৰোগৰ কাৰণ আৰু চিকিৎসা পদ্ধতি ক’ব। অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’লে তাৰ পদ্ধতিও বাখ্যা কৰিব। জৰুৰী পৰিস্থিতিত ৰোগীক জৰুৰী বিভাগত ভৰ্তি কৰা, দ্ৰুত চিকিৎসা প্ৰদানৰ কামো হুৱাই কৰিব পাৰিব।

বৰ্তমান পৰীক্ষামূলকভাৱে এই AI ক্লিনিক মুকলি কৰা হৈছে। AI চিকিৎসকক সহায় কৰিবলৈ অন্যান্য চিকিৎসকো থাকিব। কম্পিউটাৰ এলগ’ৰিথমে সঠিকভাৱে কাম কৰিছে নে নাই, AI প্ৰযুক্তিয়ে ৰোগৰ সঠিক নিৰ্ণয় আৰু চিকিৎসা পদ্ধতি ক’ব পাৰিছে নে নাই, তাৰ তদাৰকি চিকিৎসকসকলে কৰিব।

চিকিৎসা কেনেকৈ হ’ব?

ছৌদিৰ এই ক্লিনিকৰ মতে, AI চিকিৎসক হুৱাই ৫০ ধৰণৰ ৰোগৰ চিকিৎসা কৰিব পাৰিব। AI চিকিৎসকৰ মগজুত কেইবাশ ৰোগৰ ডাটাবেছ সুমুৱাই দিয়া হৈছে। যন্ত্ৰই জনাব যে, ৰোগীৰ অৱস্থা কেনে? পৰিস্থিতি কিমান বিপদজনক, মৃত্যুৰ আশংকা আছে নে নাই। হাঁপানি, ফেৰিঞ্জাইটিছ, শ্বাস-প্ৰশ্বাসৰ ৰোগ, চৰ্মৰোগ, হজমৰ সমস্যা আদিৰ বিষয়ে এই যন্ত্ৰ-চিকিৎসকে তথ্য দিব পাৰিব।

এআই-নিৰ্ভৰ যন্ত্ৰসমূহ বৰ্তমান তথ্য বিশ্লেষণ, জটিল সমস্যা সমাধান, শাৰীৰিক উপসৰ্গৰ বিশ্লেষণৰ জৰিয়তে ৰোগ নিৰ্ণয়, ঔষধ প্ৰস্তুতি আদি কামত ব্যৱহাৰ হৈছে। জিনৰ ক্ৰম বিশ্লেষণৰ জৰিয়তে জৰুৰী তথ্য প্ৰদানৰ ক্ষেত্ৰতো ই কাৰ্যকৰী। জৰুৰী পৰিস্থিতিত ৰোগীৰ সংখ্যাৰ চাপ কমাবলৈ এই ব্যৱস্থা ভৱিষ্যতে অতি কাৰ্যকৰী হ’ব বুলি দাবী কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

স্মিথচোনিয়ান মিউজিয়ামত প্ৰদৰ্শিত হ’ল ভাৰতীয় ‘ৰকেট উইমেন’ নন্দিনী হৰিনাথৰ শাৰী

আমেৰিকাৰ বিখ্যাত স্মিথচোনিয়ান নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়ামত এখন...

কিয় প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে?

দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰক সুৰক্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব?

১২ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব...

চলচ্চিত্ৰৰ পৰা ৰাজনীতিলৈ… থোৰতে থালাপতি বিজয়ৰ জীৱন পৰিক্ৰমা

১. প্ৰাৰম্ভিক জীৱন আৰু অভিনয় আৰম্ভ: চেন্নাইত এটি প্ৰখ্যাত...