পাকিস্তানীসকল Brilliant; বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানক প্ৰশংসা ট্ৰাম্পৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মুখত পাকিস্তান আৰু পাকিস্তানীসকলৰ প্ৰশংসা শুনা গৈছে। সম্প্ৰতি মাৰ্কিন সংবাদমাধ্যম ‘ফক্স নিউজ’ক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছে, “পাকিস্তানীসকল অতি উৎকৃষ্ট মানুহ। তেওঁলোকে অতুলনীয় সামগ্ৰী নিৰ্মাণ কৰে।” ট্ৰাম্পৰ এই পাকিস্তান-প্ৰশংসা বাণিজ্যিক প্ৰসংগত কৰা হৈছে যদিও সাম্প্ৰতিক ঘটনাপ্ৰবাহত তেওঁৰ এই মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

সাক্ষাৎকাৰত ট্ৰাম্পে দাবী কৰিছে যে পাকিস্তানে আমেৰিকাৰ সৈতে বাণিজ্য কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। যদিও মাৰ্কিন ৰাষ্ট্ৰপতিয়ে এই দাবী কৰিছে, তথাপি ৱাশ্বিংটন আৰু ইছলামাবাদৰ মাজত বাণিজ্যিক সম্পৰ্ক এতিয়াও বৰ্তি আছে। পৰিসংখ্যা অনুসৰি, পাকিস্তানে আমেৰিকাৰ পৰা ৫০০ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত ৪০ হাজাৰ কোটি টকাতকৈ অধিক)ৰ সামগ্ৰী ক্ৰয় কৰে, আনহাতে আমেৰিকাই পাকিস্তানৰ পৰা মাত্ৰ ২০০ কোটি ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে।

ইতিমধ্যে ট্ৰাম্পে পাকিস্তানৰ পৰা আমেৰিকালৈ ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত ২৯ শতাংশ শুল্ক আৰোপ কৰিছে আৰু ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছে। শুল্কৰ বিষয়ে এক বুজাবুজিত উপনীত হ’বলৈ ৱাশ্বিংটন আৰু নতুন দিল্লীৰ মাজত বাণিজ্যিক আলোচনা আৰম্ভ হৈছিল, কিন্তু হঠাৎ সেই আলোচনা স্থগিত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত ট্ৰাম্পে সাক্ষাৎকাৰত ভাৰতক ‘বিশ্বৰ সৰ্বাধিক শুল্ক আৰোপকাৰী দেশ’ বুলি অভিহিত কৰিছে। তেওঁ দাবী কৰিছে যে ভাৰতে মাৰ্কিন সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক ৰেহাই দিবলৈ ইচ্ছুক, কিন্তু তেওঁ এই বিষয়ত খৰখেদা কৰিব নিবিচাৰে।

প্ৰসংগক্ৰমে, ভাৰতে ইতিমধ্যে মটৰবাইককে ধৰি আমেৰিকাৰ কিছু সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস কৰিছে। কিন্তু অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত আলোচনা এতিয়াও স্থবিৰ হৈ আছে। এই পৰিস্থিতিত ট্ৰাম্পৰ পাকিস্তানৰ প্ৰশংসাই নতুন দিল্লীলৈ কোনো বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে কৰা হৈছিল নেকি, তাকে লৈ আলোচনা আৰম্ভ হৈছে। সম্প্ৰতি ট্ৰাম্পে দাবী কৰিছিল যে তেওঁ ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ নিয়ন্ত্ৰণত বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ কৈছিল, “পৰিস্থিতি ক্ৰমাৎ বেয়া হৈ আছিল। হঠাৎ বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ দেখা গৈছিল। আমি এই সংঘৰ্ষ বন্ধ কৰিবলৈ সক্ষম হৈছিলো। দুদিন পূৰ্বেও মোৰ মনে কৈছিল এই সমস্যাৰ সমাধান নহ’ব, কিন্তু এতিয়া মনে কয় সমস্যা সমাধান হৈ গৈছে। আমি তেওঁলোকৰ (ভাৰত আৰু পাকিস্তান) সৈতে বাণিজ্যৰ বিষয়ে কথা পাতিছিলো। আমি কৈছিলো যুদ্ধৰ পৰিৱৰ্তে ব্যৱসায়ৰ কথা ভাবিবলৈ।”

ইয়াৰ পূৰ্বেও ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিষয়ে মন্তব্য কৰিছিল। সোমবাৰে তেওঁ দাবী কৰিছিল যে তেওঁৰ প্ৰশাসনে ভাৰত আৰু পাকিস্তানক জনাইছিল যে, সংঘৰ্ষ বন্ধ নকৰিলে আমেৰিকাই এই দুখন দেশৰ সৈতে কোনো বাণিজ্য নকৰে। কিন্তু ভাৰতে ট্ৰাম্পৰ এই বক্তব্যক খণ্ডন কৰি জনাইছিল যে ৭-১০ মে’ৰ (ভাৰত-পাক সংঘৰ্ষৰ সময়) মাজত আমেৰিকাৰ সৈতে হোৱা কোনো আলোচনাত বাণিজ্যৰ প্ৰসংগ উত্থাপিত হোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...