ঢাকা বিমানবন্দৰত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেত্ৰী নুছৰত ফাৰিয়া

বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী নুছৰত ফাৰিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ ভাৰতৰ অন্যতম ছবি উদ্যোগ টলিউডতো কাম কৰিছে। তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। ৰবিবাৰে পুৱা ঢাকা বিমানবন্দৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। নুছৰতে থাইলেণ্ডলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল, কিন্তু বিমানবন্দৰৰ পৰা নুছৰতক গ্ৰেপ্তাৰ কৰা হয়।

ঢাকাৰ ভাটাৰা থানাত নুছৰতৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে নুছৰতক গ্ৰেপ্তাৰ কৰা হৈছে। বিগত বছৰৰ জুলাই মাহত গণ-অভ্যুত্থানৰ সময়ত তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপিত হৈছিল।

২০১৫ চনত নুছৰতে অভিনয় জীৱন আৰম্ভ কৰিছিল। বাংলাদেশৰ লগতে ভাৰতৰ পশ্চিমবংগতো তেওঁ পৰিচিত। ‘হিৰো ৪২০’, ‘বাদশাহ দ্য ডন’, ‘বছ ২’, ‘ইনস্পেক্টৰ নটি কে’, ‘বিবাহ অভিযান’, ‘আবাৰ বিবাহ অভিযান’ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে নুছৰতে। ‘মুজিব: দ্য মেকিং অফ এ নেশ্বন’ নামৰ জীৱনীমূলক চলচ্চিত্ৰত তেওঁ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰিত্ৰত অভিনয় কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...