ভাৰত-পাকিস্তান সংঘাতত হস্তক্ষেপ নকৰে আমেৰিকাই

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে বৃহস্পতিবাৰে স্পষ্ট কৰিছে যে, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতত আমেৰিকাই প্ৰত্যক্ষভাৱে হস্তক্ষেপ নকৰে, কাৰণ এই বিষয়টো “আমেৰিকাৰ লগত জড়িত নহয়”। ফক্স নিউজৰ সৈতে এক সাক্ষাৎকাৰত ভান্সে কয়, “আমি কেৱল দুয়োপক্ষক উত্তেজনা হ্ৰাস কৰিবলৈ ক’ব পাৰোঁ, কিন্তু এনে যুদ্ধত জড়িত নহওঁ যি আমাৰ বাবে মৌলিকভাৱে অপ্ৰাসংগিক আৰু আমেৰিকাৰ নিয়ন্ত্ৰণৰ ক্ষমতাৰ বাহিৰত।”

ভান্সে আৰু কয়, “আমেৰিকাই ভাৰত বা পাকিস্তানক অস্ত্ৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিব নোৱাৰে। আমি এই বিষয়টো কূটনৈতিকভাৱে সমাধানৰ চেষ্টা কৰিম। আমাৰ আশা আৰু প্ৰত্যাশা যে, এই সংঘাত এখন বৃহত্তৰ আঞ্চলিক যুদ্ধ… ঈশ্বৰে নকৰক,  এই সংঘাত পাৰমাণৱিক যুদ্ধলৈ পৰিণত নহয়। এতিয়াও আমি ভাবোঁ যে, তেনেকুৱা একো নহয়।”

বৃহস্পতিবাৰে পাকিস্তানে ড্ৰ’ন, ক্ষেপণাস্ত্ৰ আৰু তীব্ৰ গোলাবৰ্ষণৰ জৰিয়তে নাগৰিক আৰু সামৰিক এলেকা লক্ষ্য কৰি উত্তেজনা বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৭ মে’ত ভাৰতে ‘অপাৰেশ্যন সিন্দূৰ’ৰ অধীনত পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰ লক্ষ্য কৰি আক্ৰমণ চলায়। ভাৰতে কেৱল পাকিস্তানৰ ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰাই নহয়, পাকিস্তানৰ যুদ্ধ বিমান আৰু এটা এয়াৰবৰ্ণ ৱাৰ্নিং এণ্ড কণ্ট্ৰ’ল চিষ্টেমো ধ্বংস কৰে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে, তেওঁ এই সংঘাত বন্ধ কৰাত সহায় কৰিব। ট্ৰাম্পে কয়, “এইটো ভয়াৱহ। মই দুয়োখন দেশৰ সৈতে ভাল সম্পৰ্ক ৰাখোঁ। মই দুয়োখন দেশকে ভালদৰে চিনি পাওঁ আৰু তেওঁলোকে যাতে বিষয়টো সমাধান কৰিব পাৰে তাৰ বাবে মই বিচাৰোঁ। তেওঁলোকে পাৰস্পৰিকভাৱে প্ৰতিক্ৰিয়া দেখুৱাইছে, আশাকৰোঁ তেওঁলোকে এতিয়া বন্ধ কৰিব। মই যদি কিবা সহায় কৰিব পাৰোঁ, মই কৰিম।”

ট্ৰাম্পে আৰু কয়, “এই সংঘাত অতি সোনকালে শেষ হ’ব বুলি আশা কৰোঁ। এইটো লজ্জাজনক। আমি অ’ভেল অফিচত সোমোৱাৰ লগে লগে এই খবৰ পাইছিলোঁ। অতীতৰ কিছু ঘটনাৰ পৰা মানুহে জানিছিল যে কিবা এটা হ’ব। তেওঁলোকে দীৰ্ঘদিন ধৰি, কেইবা দশক ধৰি, আনকি শতিকা ধৰি যুঁজি আহিছে।” তেওঁৰ বাৰ্তাৰ বিষয়ে সোধাত ট্ৰাম্পে কয়, “নাই, মই কেৱল আশা কৰোঁ এইটো অতি সোনকালে শেষ হ’ব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...