১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰবাবে নৰ্থ ইষ্ট ৰাইজিং কাপ ঘোষণা অসম ক্ৰিকেট সন্থাৰ

দেশৰ উত্তৰ-পূব অঞ্চলত তৃণমূল পৰ্যায়ৰ মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু উত্তৰণৰ বাবে অসম ক্ৰিকেট সন্থাই ১৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ বাবে নৰ্থ ইষ্ট ৰাইজিং কাপ নামেৰে এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ আঠটা ৰাজ্যিক দলৰ অংশগ্ৰহণেৰে প্ৰথমবাৰৰ প্ৰতিযোগিতাখন উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী গ্ৰাউণ্ড আৰু গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত অনুষ্ঠিত হ’ব। খেল হব ৩৫ অভাৰৰ ফৰ্মেটত । অংশগ্ৰহণকাৰী দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে । সেই অনুযায়ী এ গ্ৰুপত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, আৰু নাগালেণ্ড তথা বি গ্ৰুপত আছে ত্ৰিপুৰা, ছিকিম, মেঘালয় আৰু মিজোৰাম ।

১৩ মে’ত আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখন ২০ মে’ত উত্তৰ গুৱাহাটীৰ ফুলুঙৰ এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত সামৰণি পৰিব। এই সপ্তাহজোৰা প্ৰতিযোগিতাখনে উদীয়মান প্ৰতিভা, দলীয় মনোভাৱ, আৰু অঞ্চলটোত মহিলা ক্ৰিকেটৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ এক দৰ্শনীয় প্ৰদৰ্শন হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।

অসম ক্ৰিকেট সন্থাই অংশগ্ৰহণ কৰা সকলো দললৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আশা ব্যক্ত কৰে যে প্ৰথমবাৰলৈ আয়োজিত প্ৰতিযোগিতাখত উঠি অহা প্ৰতিভাৰ লগতে দলীয় মনোভাৱৰ উত্কৃষ্ট প্ৰদৰ্শন দেখিবলৈ পোৱা যাব ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...