দেওবাৰে RCBৰ বিৰুদ্ধে RRৰ ঘৰুৱা মেচ, জয়পুৰত উপস্থিত দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে আৰ চি বিৰ বিৰুদ্ধে খেলিব৷ আই পি এল-২০২৫ ৰ এয়া জয়পুৰত হ’বলগা প্ৰথমখন মেচ৷ হাইভল্টেজ এই মেচখন দিনৰ ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ এই মেচৰ বাবেই আজি আহি পিংক চিটীত উপস্থিত হৈছে আৰ আৰ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ৷ বিমান বন্দৰত বৰঠাকুৰক উষ্ম আদৰণি জনোৱা হয়৷

উল্লেখ্য যে এইবাৰ ৰয়েলছে জয়পুৰত পিংক প্ৰ’মিছ মেচসহ মুঠ পাঁচখন খেল খেলিব৷ ইয়াৰপূৰ্বে আৰ আৰ দলে গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত প্ৰথম দুখন ঘৰুৱা মেচত কে কে আৰ আৰু চি এছ কেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল৷ ৰয়েলছে আৰ চি বিৰ লগতে জয়পুৰত লক্ষ্ণৌ, গুজৰাট, মুম্বাই আৰু পঞ্জাৱৰ বিৰুদ্ধে খেলিব৷ অহা এক মে’ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰমিজ’ মেচ বিশেষ আকৰ্ষনীয় হ’ব৷

ইতিমধ্যে প্ৰতিখন মেচৰ টিকট বুকমাই শ্ব’ত মুকলি কৰাৰ লগতে যোৱা সাত এপ্ৰিলৰ পৰা ষ্টেডিয়াম চৌহদত টিকট কাউণ্টাৰ মুকলি কৰা হৈছে৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভনি কৰে যদিও গুৱাহাটী আৰু চণ্ডিগড়ত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়৷ ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...