HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি

HS প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ‘দৰ্পন’ প’ৰ্টেল মুকলি। ১৭ এপ্ৰিলৰ পৰা সক্ৰিয় হ’ব ‘দৰ্পন’ প’ৰ্টেল। এই প’ৰ্টেলৰ জৰিয়তে আবেদন পত্ৰ দাখিল কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। www.darpan.ahseconline.in ৱেব ছাইটত উপলব্ধ হ’ব এই প’ৰ্টেল। দৰ্পন প’ৰ্টেলৰ সুবিধা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব www.ahsec.assam.gov.inতো। ১৭ৰ পৰা ২৪ এপ্ৰিললৈ অনলাইনযোগে প্ৰ-পত্ৰ দাখিল কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। প্ৰাৰ্থীৰ তালিকা, ৱেটিং লিষ্ট প্ৰস্তুত কৰা হ’ব ২৫ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ। চূড়ান্ত প্ৰাৰ্থীৰ তালিকা, ৱেটিং লিষ্ট প্ৰকাশ হ’ব ২৭ এপ্ৰিলৰ পুৱা ১০ বজাত। ২৭ৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব নামভৰ্তিৰ সুবিধা। দৰ্পনযোগে সংশ্লিষ্ট শিক্ষানুষ্ঠানত নামভৰ্তি নিশ্চিত কৰিব ৩০ এপ্ৰিলৰ পৰা ১০ মে’ৰ ভিতৰত। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে বিবৃত্তিযোগে প্ৰকাশ কৰে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...