ৰিয়ান যোগ্য বাবে অধিনায়ক পদ দিয়া হৈছিল: সঞ্জু ছেমছন

ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ প্ৰথম পাঁচখন মেচৰ তিনিখনত পৰাস্ত হোৱাৰ পাছত দলত অভিজ্ঞ ক্ৰিকেটাৰৰ অভাৱ তথা নৱাগত খেলুৱৈৰ ওপৰত অত্যাধিক বিশ্বাস ৰখা বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ কিন্তু আজি এই অভিযোগ খণ্ডন কৰি দলৰ অধিনায়ক সঞ্জু ছেমছনে কয় ‘আমাৰ দলটো যুৱ খেলুৱৈৰে গঠিত বুলি যি চৰ্চা ক্ৰিকেট মহলত হৈছে সেয়া বাস্তৱত ভিত্তিহীন৷ হয়, বয়সৰ ফালৰ পৰা চাব গ’লে দলটো নৱাগত৷ কিন্তু প্ৰতিজনে আন্তৰ্জাতিক ক্ৰিকেট খেলা লগতে আই পি এলৰো অভিজ্ঞ খেলুৱৈ৷ সফলতাই এনে সমালোচনাক উচিত উত্তৰ দিব৷’

উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে আৰ চি বিৰ বিৰুদ্ধে খেলিব৷ আই পি এল-২০২৫ ৰ এয়া জয়পুৰত হ’বলগা প্ৰথমখন মেচ৷ হাইভল্টেজ এই মেচখন দিনৰ ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ জয়পুৰৰ উইকেট আৰু পৰিৱেশ আৰ আৰ দলৰ বাবে সুপৰিচিত হোৱাত ঘৰত দলে ইতিবাচক ফলাফল লাভ কৰিব বুলিও অধিনায়কজনে আজি সংবাদ মেলত আত্মবিশ্বাসৰে কয়৷

ইফালে, দলৰ প্ৰতিজন খেলুৱৈ সুস্থ থকা বুলি ব্যক্ত কৰি ছেমছনে মুল একাদশৰ বাচনিৰ বাবে সকলো বিকল্প মুকলি ৰখাৰ কথাও ব্যক্ত কৰে৷ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে এইদিশত অন্তিম সিদ্ধান্ত ল’ব বুলিও তেওঁ লগতে কয়৷ আনহাতে, দলৰ শ্ল’ অভাৰ ৰেটৰ সমস্যা সমাধানৰ দিশটোও বাকী থকা মেচ কেইখনত গুৰুত্ব সহকাৰে লোৱাৰ বিষয়ে উইকেটৰক্ষক বেটাৰগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে৷

ছিজনৰ প্ৰথম তিনিখন মেচত তেওঁৰ অনুপস্থিতিত ৰিয়ান পৰাগে দলক দক্ষতাৰে নেতৃত্ব দিয়াৰ কথাও সংবাদ মেলত প্ৰশ্নৰ উত্তৰ দি ছেমছনে কয়৷ ‘ৰিয়ান অধিনায়ক হিচাপে যোগ্য কাৰণে তেওঁক দায়িত্ব দিয়া হৈছিল৷ টীম মিটিঙত ৰিয়ানৰ পৰামৰ্শ সদায়ে গ্ৰহণ কৰা হৈছিল৷ এইবাৰ তেওঁ খেলপথাৰতো নেতৃত্ব দিয়াৰ পাৰদৰ্শিতা দেখুৱাইছে৷’ সঞ্জুই ব্যক্ত কৰে৷

আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভনি কৰিছিল যদিও গুৱাহাটী আৰু চণ্ডিগড়ত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু অন্তিম মেচত আহমেদাবাদত পুনৰ পৰাস্ত হৈ দলটো জয়পুৰলৈ আহিছে৷ এইবাৰ ৰয়েলছে জয়পুৰত পিংক প্ৰ’মিছ মেচসহ মুঠ পাঁচখন খেল খেলিব৷ ৰয়েলছে আৰ চি বিৰ লগতে জয়পুৰত লক্ষ্ণৌ, গুজৰাট, মুম্বাই আৰু পঞ্জাৱৰ বিৰুদ্ধে খেলিব৷ ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...