চীনা সামগ্ৰীৰ ওপৰত পুনৰ আমেৰিকাৰ শুল্ক বৃদ্ধি: ১২৫%ৰ পৰা ১৪৫%লৈ শুল্ক বৃদ্ধি

আমেৰিকা চৰকাৰে চীনৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত শুল্কৰ হাৰ পুনৰ বৃদ্ধি কৰি এক নতুন বাণিজ্য নীতি ঘোষণা কৰিছে। পূৰ্বৰ ১২৫ শতাংশ শুল্কৰ পৰা এইবাৰ ইয়াক ১৪৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই সিদ্ধান্তই দুয়োখন দেশৰ মাজত চলি থকা বাণিজ্য উত্তেজনাক আৰু তীব্ৰ কৰিব বুলি আশংকা কৰা হৈছে।

এই শুল্ক বৃদ্ধিৰ সিদ্ধান্তত প্ৰধানতঃ ফেণ্টানিলৰ দৰে মাৰাত্মক মাদকদ্ৰব্যৰ উৎপাদন আৰু বাণিজ্যৰ সৈতে জড়িত বিতৰ্কই ভূমিকা পালন কৰিছে। আমেৰিকাই ইতিমধ্যে এই ধৰণৰ কাৰ্যকলাপৰ বাবে চীনৰ ওপৰত ২০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল। এইবাৰ সেই শুল্কৰ সৈতে নতুন ১২৫ শতাংশ শুল্ক যোগ হোৱাত চীনা পণ্যৰ ওপৰত মুঠ শুল্কৰ হাৰ ১৪৫ শতাংশত উপনীত হৈছে। এই পদক্ষেপে চীনৰ পৰা আমেৰিকালৈ পণ্যৰ আমদানিৰ মূল্য যথেষ্ট বৃদ্ধি কৰিব, যাৰ ফলত চীনৰ ৰপ্তানি বাণিজ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব।

বিশেষজ্ঞসকলৰ মতে, এই উচ্চ শুল্কৰ ফলত চীনৰ উৎপাদন খণ্ডৰ বাবে আমেৰিকাৰ বজাৰত প্ৰতিযোগিতা অব্যাহত ৰখাটো কঠিন হৈ পৰিব। চীনক ‘বিশ্বৰ কাৰখানা’ বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ কম খৰচৰ শ্ৰম, দক্ষ উৎপাদন ব্যৱস্থা আৰু শক্তিশালী পৰিকাঠামোৱে দেশখনক বাণিজ্যৰ ক্ষেত্ৰত শীৰ্ষ স্থানত ৰাখিছে। কিন্তু এই শুল্ক বৃদ্ধিয়ে চীনৰ ৰপ্তানিৰ পৰিমাণ এক-চতুৰ্থাংশৰ পৰা এটা তৃতীয়াংশলৈ হ্ৰাস কৰিব পাৰে বুলি বিশ্লেষণত প্ৰকাশ পাইছে।

ইফালে, চীনে ইতিমধ্যে আমেৰিকাৰ পণ্যৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চীনৰ বাণিজ্য মন্ত্ৰণালয়ে আমেৰিকাৰ এই পদক্ষেপক ‘একপক্ষীয়’ আৰু ‘ভুল’ বুলি অভিহিত কৰি বিশ্ব বাণিজ্য সংস্থাৰ (ডব্লিউটিঅ’) ওচৰত অভিযোগ দাখিল কৰিছে। চীনে আমেৰিকাৰ পণ্যৰ ওপৰত ৮৪ শতাংশ শুল্ক আৰোপ কৰাৰ লগতে কেইবাটাও আমেৰিকান কোম্পানীক BLACK LISTত তালিকাভুক্ত কৰিছে। এই পাৰস্পৰিক শুল্ক যুদ্ধৰ ফলত বিশ্ব বাণিজ্যৰ পৰিমাণতো প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।

এই শুল্ক বৃদ্ধিয়ে কেৱল দুয়োখন দেশৰ অৰ্থনীতিতে নহয়, বিশ্বৰ বহু দেশৰ বাণিজ্যৰ ওপৰতো প্ৰভাৱ পেলাব। বাণিজ্যিক সংস্থাসমূহৰ মতে, এই সংঘাতৰ ফলত বিশ্ব অৰ্থনীতিৰ ক্ষতি হ’ব পাৰে, আৰু বিশেষকৈ ক্ষুদ্ৰ অৰ্থনীতিৰ দেশসমূহৰ বাবে পৰিস্থিতি জটিল হৈ পৰিব। আমেৰিকাৰ এই সিদ্ধান্তই চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক পুনৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ইংগিত দিয়ে, আৰু আগন্তুক দিনত দুয়োখন দেশৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...