নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা

নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা। বালুঘাটত তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। নিহত অম্লান হাজৰিকা নামৰ লোকজন। ট্ৰাকখনক স্কুটীৰে অভাৰটেক কৰিবলৈ লওঁতেই সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন। গুৰুতৰভাৱে আহত অনিৰুদ্ধ দে’ সৰকাৰ নামৰ লোকজনক ভৰ্তি কৰোৱা হয় হাস্পতালত। নিহত অম্লান হাজৰিকা আছিল এজন চিকিৎসক। আনফালে গুৰুতৰভাৱে আহত অনিৰুদ্ধে দে’ সৰকাৰ এজন অধিবক্তা। জালুকবাৰী দিশৰ পৰা খানাপাৰা অভিমুখে গৈ আছিল দুয়োখন বাহন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS 01EB 6441। ট্ৰাকখনৰ নম্বৰ BR 24GD 9491। দুৰ্ঘটনাৰ পিছতে পলায়ৰ চেষ্টা ট্ৰাকসহ চালকৰ। বিৰিয়ানি খাবলৈ ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু ভয়াৱহ দুৰ্ঘটনাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো…

Popular

More like this
Related

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...