নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা

নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা। বালুঘাটত তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। নিহত অম্লান হাজৰিকা নামৰ লোকজন। ট্ৰাকখনক স্কুটীৰে অভাৰটেক কৰিবলৈ লওঁতেই সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন। গুৰুতৰভাৱে আহত অনিৰুদ্ধ দে’ সৰকাৰ নামৰ লোকজনক ভৰ্তি কৰোৱা হয় হাস্পতালত। নিহত অম্লান হাজৰিকা আছিল এজন চিকিৎসক। আনফালে গুৰুতৰভাৱে আহত অনিৰুদ্ধে দে’ সৰকাৰ এজন অধিবক্তা। জালুকবাৰী দিশৰ পৰা খানাপাৰা অভিমুখে গৈ আছিল দুয়োখন বাহন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS 01EB 6441। ট্ৰাকখনৰ নম্বৰ BR 24GD 9491। দুৰ্ঘটনাৰ পিছতে পলায়ৰ চেষ্টা ট্ৰাকসহ চালকৰ। বিৰিয়ানি খাবলৈ ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু ভয়াৱহ দুৰ্ঘটনাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...