Ghibliৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে আপোনাৰ ফটো-তথ্য চুৰি কৰিব পাৰিব নেকি?

বিশ্বজুৰি এটা নতুন ট্ৰেণ্ডত ভাহি গৈছে সকলো – Ghibli Artৰ ট্ৰেণ্ড। নিজৰ আৰু পৰিয়ালৰ মানুহৰ ফটোৰে কৃত্ৰিম বুদ্ধিমত্তাৰ (Ghibli Art) সহায়ত সেই ফটোবোৰক কাৰ্টুনৰ দৰে বনাই ছ’চিয়েল মিডিয়াত আপল’ড কৰিছে বহুলোকে। AIৰ জৰিয়তে এই কাৰ্টুনৰ দৰে ফটো বনোৱাৰ আঁৰত বিপদ লুকাই আছে নেকি? AIৰ মাধ্যমত Ghibli ইমেজ তৈয়াৰ কিমান সুৰক্ষিত? সতৰ্ক কৰি দিলে চাইবাৰ বিশেষজ্ঞ সাম্যজিত মুখোপাধ্যায়ে।

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত আপোনাৰ সাধাৰণ ফটো মুহূৰ্তৰ ভিতৰত কাৰ্টুন ফটোত পৰিণত হৈছে। ছ’চিয়েল মিডিয়াত এতিয়া ট্ৰেণ্ডিং হৈছে Ghibli ইমেজ। প্ৰিয়জনৰ সৈতে কটোৱা মুহূৰ্তৰ পৰা প্ৰাকৃতিক দৃশ্য বা ব্যক্তিগত ফটো, সকলোবোৰ কাৰ্টুন ইমেজত (Ghibli Art) ৰূপান্তৰিত হৈ গৈছে। বিশ্ববিখ্যাত জাপানী শিল্পী হায়াও মিয়াজাকিৰ অপূৰ্ব সৃষ্টি Ghibli ষ্টুডিঅ’ৰ এনিমেশ্যনৰ জৰিয়তে যিকোনো ফটোকে বদলাই দিছে চেটজিপিটি বা গ্ৰক AIৰ দৰে প্লেটফৰ্মবোৰে। ছ’চিয়েল মিডিয়াত এই Ghibli আৰ্টত উটি ভাহি গৈছে সকলোৱে। এই Ghibli ট্ৰেণ্ড আচলতে কিমান সুৰক্ষিত? নিজৰ AI ইমেজ বনাবলৈ গৈ চাইবাৰ অপৰাধীৰ ফান্দত ভৰি দিছে নেকি?

চাইবাৰ বিশেষজ্ঞ সাম্যজিত মুখোপাধ্যায়ে কয়, “নিজকে সুৰক্ষিত ৰখাটো AIৰ জগতত সবাতোকৈ বেছি জৰুৰী। আপুনি যি ফটো আপল’ড কৰিছে, সেই ফটো বা তথ্য আন ক’ৰবালৈ নাযায়, বা আপোনাৰ ফটো ক’ৰবাত বিক্ৰী নহয়, তেনে কোনো স্বীকাৰোক্তি ক’তো দিয়া নাই। এটা ফোনত যেতিয়া আপুনি ফটো তুলে, তাৰ লগত সেই ফটোৰ বিষয়ে সকলো তথ্য আপোনাৰ ফোনতেই পোৱা যায়। একেদৰে কোনোবাই যেতিয়া তেওঁৰ ফটো AI প্লেটফৰ্মত আপল’ড কৰে, ফটোৰ পটভূমিৰ সেই তথ্যবোৰো এই প্লেটফৰ্মবোৰলৈ গুচি যায়।”

Ghibli আৰ্ট তৈয়াৰ কৰিবলৈ গৈ নিজৰ ব্যক্তিগত ফটো দি আছে নেটিজেনসকলে। বিশেষজ্ঞসকলে কয়, এই Ghibli ইমেজৰ (Ghibli Art) মূল ছাৰ্ভাৰ আমেৰিকাত আছে। কিন্তু এই বিপুল পৰিমাণৰ ফটো বা তথ্য কোন ছাৰ্ভাৰত জমা হৈছে, সেয়া এতিয়াও অজানা। ফলত অজানিতে ব্যক্তিগত তথ্য দেশৰ বাহিৰলৈ আনৰ হাতত গৈ পৰিছে।

বিশেষজ্ঞসকলৰ আশংকা, ডিপফেক, ফেক পৰ্ন’গ্ৰাফী আৰু ডাৰ্ক ৱেবতো ব্যক্তিগত ফটো বিক্ৰী হ’ব পাৰে। যিকোনো মুহূৰ্তত আপুনি চাইবাৰ অপৰাধৰ চিকাৰ হ’ব পাৰে। সেই ক্ষেত্ৰত আৰক্ষী বা প্ৰশাসনৰ ওচৰলৈ গ’লেও তেনেকৈ সমাধান নহ’ব বুলি আশংকা বিশেষজ্ঞসকলৰ।

চাইবাৰ বিশেষজ্ঞ সাম্যজিত মুখোপাধ্যায়ে কয়, “এওঁলোকে বট টেকন’লজিৰ ওপৰত ভৰসা কৰে, যাৰ অৰ্থ হৈছে বিল্ড, অপাৰেট আৰু ট্ৰেন্সফাৰ। প্ৰথমে আপোনাৰ বিষয়ে লাহে লাহে তথ্য সংগ্ৰহ কৰা হ’ব, ইয়াকে বিল্ড বোলে। তাৰ পিছত সেইটো অপাৰেট বা বিশ্লেষণ কৰা হ’ব যে এই ব্যক্তি ক’ত থাকে, পৰিয়ালত কোন কোন আছে ইত্যাদি। আৰু শেষত ডেটা ট্ৰেন্সফাৰ কৰা হ’ব যাতে আপুনি বিপদত পৰিব পাৰে। ফলত এনে ধৰণৰ Open AIৰ দৰে প্লেটফৰ্মত যদি আপুনি নিজৰ ফটো স্বেচ্ছাই দিয়ে, তেন্তে ভৱিষ্যতে যদি কোনো সমস্যা হয়, তাত চৰকাৰ বা আন কোনোৱে দায়ী নহয়।”

পৰিসংখ্যাই কয়, এই কাৰ্টুন ইমেজ তৈয়াৰৰ বাবে শেহতীয়াকৈ ১০ লাখ নতুন একাউণ্ট তৈয়াৰ হৈছে AIৰ মাধ্যমত। মাত্ৰ ৩০ ঘণ্টাত ১ কোটি ফটো আপল’ড কৰা হৈছে ছাৰ্ভাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...