মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত চাঞ্চল্যকৰ ঘটনা

মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তত উত্তেজনা। নিশা চাৰি অসমীয়াক অপহৰণ কৰিলে নগা দুৰ্বৃত্তৰ দলে। মৰিয়নিৰ চেলেংহাট ৰণখাম ৰজাবাৰী ৪নং লাইনত সংঘটিত হৈছে এই ঘটনা। অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে লোককেইজনক। অপহৃত লোককেইজন ক্ৰমে বিক্ৰম প্ৰধান, জয়দীপ পাতৰ তাঁতী, আকাশ পাতৰ তাঁতী আৰু সঞ্জিত পাতৰ তাঁতী বুলি জানিব পৰা গৈছে। অসমৰ ভূমিত নগাৰ আগ্ৰাসনত বাধা দিয়াৰ বাবেই অপহৰণ। নগাৰ বেদখলকৃত ভূমিত থকা জেওৰা উঠাই দিছিল লোককেইজনে। ঘটনাক কেন্দ্ৰ কৰি সীমান্তত তীব্ৰ উত্তেজনা।

Popular

More like this
Related

বিশিষ্ট সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

নাজিৰাৰ মেজেঙ্গাৰ সৰবৰহী মহিলা তথা বিশিষ্ট সমাজ সেৱিকা অঞ্জলী...

সিদ্ধাৰ্থ যাদৱৰ হাৰিয়ানাৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ

'তুমি অহাৰ কথা আছিল, প্ৰতিশ্ৰুতি দিছিলা উভতি অহাৰ…' মুহূৰ্ততে...

খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ৰাজ্যিক আলোচনা চক্ৰ আয়োজন

বিগত ২১ আৰু ২২ মাৰ্চ, ২০২৫ তাৰিখে ডিব্ৰুগড়ৰ জকাই...