পুনৰ বলীউডলৈ উভতি আহিছে নেকি প্ৰিয়ংকা চোপ্ৰা?

ৰাজস্থানৰ বিলাসী হোটেলত ‘দেশী গাৰ্ল’। পুনৰ বলীউডলৈ উভতি আহিছে নেকি প্ৰিয়ংকা চোপ্ৰা? শেহতীয়াকৈ ভাৰতলৈ সঘনে অহা-যোৱা কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। খবৰ অনুসৰি পুনৰ বলীউডত কাম কৰিবলৈ লৈছে ‘দেশী গাৰ্লে’। দেওবাৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত একাংশ ফটো-ভিডিঅ’ শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ফটোবোৰত ৰাজস্থানৰ জয়পুৰৰ এখন বিলাসী হোটেলত দেখা গৈছে প্ৰিয়ংকাক। প্ৰিয়ংকাই জুতি ল’লে ৰাজস্থানৰ থলুৱা খাদ্যৰ।

অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম ষ্টৰীত দেখা গৈছে ৰাজস্থানৰ থলুৱা খাদ্যৰ লগতে স্থানীয় শিল্পীৰ সংগীতো। ইতিমধ্যে নিজকে হলিউডত প্ৰতিষ্ঠা কৰিছে প্ৰিয়ংকা চোপ্ৰাই। কেইবাখনো ৱেব-চিৰিজত অভিনয় কৰিছে প্ৰিয়ংকাই। বলীউডৰ পৰা বহুদিন আঁতৰি আছে প্ৰিয়ংকা চোপ্ৰা। বহুদিনীয়া বিৰতিৰ পিছত এখন ভাৰতীয় ছবিত প্ৰিয়ংকা চোপ্ৰাৰ অভিনয়।

এছ এছ ৰাজামৌলিৰ এখন ছবিত দেখা যাব প্ৰিয়ংকাক। ছবিখনত প্ৰিয়ংকাৰ বিপৰীতে থাকিব মহেশ বাবু আৰু পৃথ্বীৰাজ সুকুমাৰণ। অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই ছবিখনৰ নাম। ইপিনে হলিউডতো পূৰ্ণগতিত কাম কৰি আছে প্ৰিয়ংকা চোপ্ৰাই। ইদ্ৰিছ এলবা আৰু জন চিনাৰ সৈতে ‘হেডছ অৱ ষ্টেট’ নামৰ ছবিখনত দেখা যাব প্ৰিয়ংকা চোপ্ৰাক। ইতিমধ্যে ৰুছ’ ব্রাদাৰ্ছৰ আমেৰিকান ৱেব ছিৰিজ ‘চিটাডেল 2’ত ও অভিনয় কৰিছে প্ৰিয়ংকা চোপ্ৰাই। ২০২৪ৰ নৱেম্বৰতে সম্পূৰ্ণ হৈছে ‘চিটাডেল 2’ৰ শ্বুটিং। কিন্তু এই ৱেব চিৰিজখনে কেতিয়া মুক্তিলাভ কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আপডেট দিয়া নাই ‘চিটাডেল’ৰ নিৰ্মাতাই।

Popular

More like this
Related

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল।...

১৪ বছৰ বয়সত কিদৰে নিজকে IPLৰ বাবে যোগ্য কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে?

বিহাৰৰ সমষ্টিপুৰৰ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে আই...

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা। লাহোৱালত দলবদ্ধ আক্ৰমণত প্ৰাণ...

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। মাটি...