খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ আজি চাৰিখন খেল অনুষ্ঠিত হয়৷ জুনিয়ৰ শাখাৰ আজি খেলত ধেমাজিয়ে বঙাইগাঁৱক, ভেড়গাঁৱে শিলচৰক, মাকুমে নাহৰকটীয়াক আৰু নগাঁৱে তেজপুৰক পৰাস্ত কৰে৷

উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ শাখাৰ লগতে¸ ছাব-জুনিয়ৰৰ খেলো অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত জুনিয়ৰ শাখাত আঠটা তথা ছাব-জুনিয়ৰ শাখাতো সমসংখ্যক দলে অংশগ্ৰহণ কৰিছে৷

অহা ২৬ মাৰ্চত সামৰণি পৰিব লগা প্ৰতিযোগিতাৰ জুনিয়ৰৰ ফাইনেল অহা ২৩ মাৰ্চত হোৱাৰ বিপৰীতে ছাব-জুনিয়ৰৰ চুড়ান্ত খেলখন অন্তিমদিনা অনুষ্ঠিত হ’ব৷ কাইলৈ জুনিয়ৰৰ অন্তিম চাৰিখন লীগ মেচ অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে এ আৰু বি গ্ৰুপৰ শীৰ্ষ দল দুটাই ফাইনেল খেলিব৷

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, জুনিয়ৰ শাখাৰ ফাইনেলত নগাঁও-মাকুম

নগাঁও-মাকুমৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী...

HS প্ৰথম বাৰ্ষিকৰ বাকী থকা সকলো পৰীক্ষা বাতিল

HS প্ৰথম বাৰ্ষিকৰ বাকী থকা সকলো পৰীক্ষা বাতিল। ২৪ৰ...

গুৱাহাটীৰ খানাপাৰাত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটীৰ খানাপাৰাত চাঞ্চল্যকৰ ঘটনা। গাড়ীৰ গৰাকীক অচেতন কৰি দুৰ্বৃত্তই...

ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে...