ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা আৰম্ভ হৈছে ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতা৷ অহা ২৭ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ২৪ খন ৰাজ্যিৰ মুঠ ১৮৮ গৰাকী বক্সাৰে অংশ লৈছে৷

মুঠ ১০টা ওজন শাখাত খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত অলিম্পিয়ান জয়ছমিন আৰু পূজা ৰাণীসহ বিশ্ব চেম্পিয়ন নিতু ঘাংঘাছ, দুবাৰৰ বিশ্ব যুৱ চেম্পিয়ন সাক্ষী , প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন পুনম পুনিয়া, বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী সীমৰণজিত কৌৰ, প্ৰাক্তন বিশ্ব চেম্পিয়ন পদক বিজয়ী ছোনিয়া লেথাৰ আৰু অনামিকা আদি তাৰকাই অংশ লৈছে৷

আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী পি টি উষা, অলিম্পিক ব্ৰঞ্জজয়ী বিজেন্দৰ সিং, বিশ্ব চেম্পিয়ন তথা কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী অলিম্পিয়ান নিখাত জাৰীণ, অলিম্পিয়ান সৰিতা দেৱী লগতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিং৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...